বঙৰা, ৯ ছেপ্টেম্বৰঃ দক্ষিণ কামৰূপৰ বঙৰা লাষ্টগেটৰ শিলকেচাৰৰ খালত উপঙি থকা অৱস্থাত এটা মৃতদেহ উদ্ধাৰ হয়৷ প্ৰাপ্ত তথ্য মতে, মৃতদেহটো বঙৰাৰ সৰ্মীপৱতী পাৰ্ল্লীৰ নয়ন নামৰ এজন যুৱকৰ বুলি চিনাক্ত কৰা হৈছে৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে মৃতদেহটো দুই-তিনিদিন আগৰ। তিনিদিন ধৰি খালত পৰি থকা বাবে মৃতদেহটো মাছেও ভক্ষণ কৰিছে৷ মৃত যুৱকজনৰ দেহত আঘাটৰ চিন পোৱা গৈছে। আৰক্ষীয়ে বৰ্তমান মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ কাৰণে প্ৰেৰণ কৰিছে। যুৱকজনৰ পৰিয়ালৰ লোকে এয়া এক হত্যাকাণ্ড বুলি অভিযোগ কৰিছে আৰু পৰিয়ালৰ অভিযোগ অনুসৰি পলাশবাৰী আৰক্ষীয়ে ৬ জনক আটক কৰিছে। মৰোণোত্তৰ পৰীক্ষাৰ পিছতহে যুৱকজনক প্ৰকৃততে হত্যা কৰা হৈছিল নে অইন কোনো কাৰণ যুৱকজনৰ মৃত্যু হৈছিল, সেয়া স্পষ্ট হ’ব৷