নিউজ ডেস্ক, ১৩ জুলাই, ২০২৩ : দিল্লীত যমুনা নদীৰ তাণ্ডৱলীলা। দেওবাৰলৈ বিদ্যালয় বন্ধৰ ঘোষণা চৰকাৰৰ। দেশৰ ৰাজধানী দিল্লীৰ বহু অঞ্চল সম্পূর্ণ জলমগ্ন হৈ পৰিছে৷ বিপদৰ সীমাৰ বহু ওপৰেৰে বৈছে যমুনা নদীৰ জলপৃষ্ঠ (Jamuna River Above Danger Level)। ৰাইজক সকাহ দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে দিল্লী চৰকাৰৰ।

দেশৰ ৰাজধানী দিল্লীত ধাৰাসাৰ বৰষুণৰ ফলত যমুনা নদীৰ পানী বিপদৰ সীমা অতিক্ৰম কৰি অভিলেখ স্তৰত বৈ আছে। যমুনা নদীৰ বাঢ়নী পানীত দিল্লীৰ নিম্নভূমি ডুব যোৱাৰ উপক্ৰম হৈছে। বহু লোকৰ ঘৰ জলমগ্ন হৈ পৰাত গৃহহীন হৈ পৰিছে শ শ লোক। দিল্লীৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰে ডুব যোৱা অঞ্চল সমূহত চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইটযোগে জনাইছে, পানীত ডুব যোৱা অঞ্চল সমূহৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়া হৈছে। দিল্লীত প্ৰথমবাৰৰ বাবে যমুনা নদীৰ জলস্তৰ ইমান বৃদ্ধি পাইছে। ১৯৭৮ চনৰ বানপানীতকৈ এইবাৰ প্ৰায় ডেৰ মিটাৰ অধিক যমুনা নদীৰ পানী বৃদ্ধি পাইছে।

যমুনা নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে দিল্লীৰ সংলন্ন অঞ্চল গাজিয়াবাদ আৰু বদৰপুৰ খাদৰত এন ডি আৰ এফৰ দলসমূহে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। দিল্লীৰ লগতে নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্য বানৰ কবলত পৰিছে। উত্তৰ ভাৰতত বানপানীৰ ফলত ১০০ জনতকৈ অধিল লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে।

হিমাচল প্ৰদেশতে বৰ্তমানলৈকে বানপানীৰ ফলত ৯০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। বানপানীৰ লগতে ভূমিস্খলনৰ ঘটনাই হিমাচল প্ৰদেশৰ পৰিস্থিতি অধিক জটিল কৰি তুলিছে। ভূমিস্খলনৰ ফলত হিমাচল প্ৰদেশৰ কেইবাটাও পথ বন্ধ হৈ পৰাত বহু পৰ্যটক আৱদ্ধ হৈ পৰিছে। পাঞ্জাৱ, হাৰিয়ানাৰ বান পৰিস্থিতিও ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। উত্তৰাখণ্ডতো ভূমিস্খলনৰ ঘটনাত কেইবাজনো লোকৰ মৃত্যু হৈছে।

উত্তৰ ভাৰতৰ লগতে অসমতো বানপানীৰ তাণ্ডৱলীলা অব্যাহত আছে। ৰাজ্যত বছৰৰ প্ৰথমটো বান পৰিস্থিতি উন্নত হোৱাৰ সময়তে ভূটানৰ পানীয়ে নামনি অসমৰ কেবাখনো জিলা বুৰাই পেলাইছে। বিশেষকৈ চিৰাং আৰু বঙাইগাঁও জিলাৰ শ শ গাঁও বুৰাই পেলাইছে ভূটানৰ পৰা অহা পানীয়ে। ভূটানে হঠাৎ পানী এৰি দিয়াত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে চিৰাং আৰু বঙাইগাঁও জিলাত। ভূটানৰ পানীয়ে বৰপেটা জিলালৈও সংকট কঢ়িয়াই আনিছে।