ডিব্ৰুগড়, ১২ জুলাই, ২০২৩ : জঘন্য ধর্ষণকাণ্ড (Shameful Rape Incident)। গাখীৰ বিক্ৰী কৰিবলৈ আহি ১৩ বছৰীয়া কিশোৰীক কৰিলে ধর্ষণ। ধর্ষণকাৰী গাখীৰ বিক্রেতাজন ৬০ বছৰীয়া বৃদ্ধ। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ধৰ্ষণকাৰী ৬০ বছৰীয়া লম্পট বৃদ্ধজন। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা। চুৰি, ডকাইতি, হত্যা, ধর্ষণ সাধাৰণ অপৰাধত পৰিণত হৈছে এতিয়া ৰাজ্যত। চৰকাৰে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ ক্ষেত্ৰত কঠোৰ হোৱা বুকি দাবী কৰিছে যদিও বাস্তৱ ক্ষেত্ৰত চৰকাৰৰ এই দাবী ফোঁপোলা বুলি প্ৰমাণিত হৈছে। বিশেষকৈ মহিলাৰ ক্ষেত্ৰত হোৱা অপৰাধজনিত ঘটনা নিয়ন্ত্ৰণত ৰাজ্যৰ আৰক্ষী প্ৰশাসন সম্পূৰ্ণ বিফল।

ইয়াৰে এক প্ৰমাণ বুধবাৰে (১২ জুলাই) পোৱা গ’ল ডিব্ৰুগড় জিলাত। এগৰাকী ১৩ বছৰীয়া কিশোৰী বলি হ’ল জঘন্য ধর্ষণৰ। এগৰাকী ৬০ বছৰীয়া লম্পট বৃদ্ধৰ কামনাৰ বলি হ’ল ১৩ বছৰীয়া কিশোৰী গৰাকী।ডিব্ৰুগড়ৰ লক্ষ্মী নগৰত মানৱ সমাজক লজ্জিত কৰা এই জঘন্য ঘটনা সংঘটিত হৈছে। ১ নং লক্ষ্মী নগৰৰ নিৱাসী ধীৰেন দত্ত ওৰফে বাটাৰ নামৰ ৬০ বছৰীয়া বৃদ্ধৰ কামনা বলি হ’ল ১৩ বছৰীয়া কিশোৰী।

১ নং লক্ষ্মী নগৰৰ নিৱাসী ধীৰেন দত্ত পেচাত গাখীৰ বিক্রেতা। গাখীৰ বিক্ৰী কৰিবলৈ আহি ৫ নং লক্ষ্মী নগৰৰ নিৱাসী এগৰাকী ব্যক্তিৰ ঘৰত মানুহ নথকা সুযোগ লৈ লম্পট ৬০ বছৰীয়া বৃদ্ধ ধীৰেন দত্তই ১৩ বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছে। সম্প্ৰতি ৬০ বছৰীয়া বৃদ্ধ লম্পট ধীৰেন দত্তক মিলন নগৰ আৰক্ষীয়ে আটক কৰি গ্ৰেপ্তাৰ কৰিছে।

ইফালে ধৰ্ষণৰ বলি হোৱা ১৩ বছৰীয়া নাবালিকা গৰাকীক আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰিছে। এই জঘন্য ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আনহাতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত আন এগৰাকী নাবালিকা ধর্ষণকাণ্ড সংঘটিত হৈছে। ১৩ বছৰীয়া কিশোৰী এগৰাকী লম্পট বৃদ্ধৰ কামনাৰ বলি হৈ গৰ্ভৱতী হোৱাৰ ঘটনাই সচেতন মহলৰ চকু কপালত তুলিছে।