নিউজ ডেস্ক, ১৩ জুলাই, ২০২৩ : বিলাহীয়ে ভাঙিলে সুখৰ সংসাৰ। বিলাহীৰ বাবে লাগিল কাজিয়া (Fight for tomato)। আঞ্জাত দুটা বিলাহী দিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজত লাগিল কাজিয়া। অৱশেষত পত্নীয়ে এৰি থৈ গ’ল স্বামীক। পত্নীক ঘূৰাই অনাৰ বাবে স্বামী কাষ চাপিল আৰক্ষীৰ। বৰ্তমান এই ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।

মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণ ৰাইজক। অত্যাৱশ্যকীয় সমগ্ৰীৰ লগতে খাদ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণহীন হৈ পৰিছে। বিশেষকৈ পাচলি বজাৰত লাগিছে জুই। ৮০ টকাৰ তলত নাই কোনো এবিধ পাচলি। বৰ্তমান পাচলি বজাৰৰ ৰজা হৈছে বিলাহী। বিলাহী এতিয়া বিলাসীৰ তালিকাত প্ৰৱেশ কৰিছে। বিলাহীৰ মূল্যই পাচলিৰ বজাৰ গৰম কৰি ৰখা লগতে বিলাহীয়ে সুখৰ সংসাৰটো লগাইছে জুই।

বিলাহীৰ বাবেই ভাঙিছে সুখৰ সংসাৰ। বৰ্তমান মধ্যপ্ৰদেশৰ শ্বাহদোল জিলাৰ এক ঘটনাই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে। শ্বাহদোলত স্বামীয়ে আঞ্জাত দুটা বিলাহী দিয়াৰ বাবে পত্নীয়ে স্বামীক এৰি থৈ যোৱাৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে টিফিন সেৱাৰ লগত জড়িত সঞ্জীৱ বৰ্মন নামৰ এজন লোকে আঞ্জাত পত্নীক নজনোৱাকৈ দুটা বিলাহী দিছিল আৰু এই সম্পৰ্কে পত্নীয়ে অৱগত হোৱাৰ পিছত দুয়োৰে মাজত সৃষ্টি হয় কাজিয়াৰ।

এটা সময়ত এই কাজিয়া চূড়ান্ত ৰূপ ধাৰণ কৰে আৰু সঞ্জীৱ বৰ্মনৰ পত্নী আৰতি কন্যাক লগতলৈ ঘৰৰ পৰা ওলাই যায়। সঞ্জীৱ বৰ্মনে বিগত তিনিদিন ধৰি পত্নীক বিচাৰি অৱশেষত আৰক্ষীৰ কাষ চাপে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত শ্বাহদোলৰ ধনপুৰীৰ জ্যেষ্ঠ আৰক্ষী বিষয়া সঞ্জয় জয়ছৱালে কয় “সঞ্জীৱৰ লগত কাৰ্য লাগি তেওঁৰ পত্নী আৰতি ঘৰ এই জ্যেষ্ঠ ভগ্নীৰ ঘৰলৈ যায়।” আৰক্ষীৰ হস্তক্ষেপত স্বামী-স্ত্ৰীৰ মাজত কথা হয়। আৰক্ষীয়ে আশ্বাস দিছে যে আতৰি শীঘ্ৰে ঘৰলৈ ঘূৰি আহিব।

উল্লেখ্য যে বৰ্তমান সঞ্জীৱ বৰ্মনক তেওঁৰ পত্নী আৰতিয়ে আঞ্জাত দুটা বিলাহী দিয়াৰ বাবে এৰি থৈ যোৱাৰ ঘটনাই সামাজিক মাধ্যমত ব্যাপক চৰ্চাৰ বিষয়া হৈ পৰিছে। উল্লেখ কৰিব পাৰি যে বিলাহীৰ বাবে পত্নীয়ে স্বামীৰ এৰি থৈ যোৱাৰ দৰেই বিগত কিছুদিন ধৰি বিভিন্নজনে জন্মদিনত বিলাহী উপহাৰ দিয়াৰ বাতৰিও প্ৰকাশ পোৱা দেখা গৈছে। বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তত বিলাহীৰ মূল্য প্ৰতি কেজিত ১৫০ টকা অতিক্ৰম কৰিছে।