জনিয়া, ১১ জুলাইঃ ভয়াৱহ বানৰ কৱলত পৰিছে কলগাছিয়া ৰাজহ চক্ৰৰ শতাধিক গাঁও। বানৰ ফলত অঞ্চলটোৰ চৰাঞ্চলত আৱদ্ধ হৈ পৰিছে তিনি শতাধিক পৰিয়াল। উল্লেখ্য যে,যোৱা কিছুদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বেঁকী নৈৰ পানী ফেনে-ফুটুকাৰে ওফন্দি উঠাত নিতৌ প্লাৱিত হৈছে ন ন অঞ্চল। বৰপেটাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী, সুতিৰপাথাৰ, আমগুৰি, কৰাৰকুৰ, উদমাৰী, চানপুৰ, লাচাংগা, বেচিমাৰী, গলিয়া, ডাউকমাৰী, বলাইপাথাৰকে ধৰি প্ৰায় শতাধিক গাঁও সম্প্ৰতি পানীৰ তলত। প্লাৱিত হোৱা গাওঁ সমূহৰ একাংশ লোকে নিজাববীয়াকৈ নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিবলৈ সক্ষম হৈছে যদিও আন একাংশ লোকে পশুধন সহ এতিয়াও চৰৰ মাজত আৱদ্ধ হৈ আছে। কিন্ত প্ৰশাসন তথা স্থানীয় বিধায়ক, জনপ্ৰতিনিধিৰ ফালৰ পৰা এতিয়ালৈ উদ্ধাৰৰ বাবে্ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ ওপৰিও ওখ ভেঁটি, পথ নাইবা মথাউৰিৰ মাজত শিবিৰ পাতি আশ্ৰয় গ্ৰহণ কৰি থকা বৰ্ন্যাত্যৰ মাজত এতিয়ালৈ কোনো ধৰণৰ সাহায্য সামগ্ৰী যোগাণ নধৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় আৰু অতি শীঘ্ৰে বান সাহাৰ্য্য যোগান ধৰাৰ আশ্বাস দিয়ে। আনহাতে কলগাছিয়াৰ আমগুৰি পকী দলংৰ এপ্ৰোচ, কলগাছিয়া-খাৰবাল্লী পথ, কলগাছিয়া-বেছিমাৰী পকী পথ ইতিমধ্যে বলীয়া বানৰ ফলত ছিঙি যাতায়াত ব্যাহত হৈছে।