জনীয়া, সংবাদ ৩৬৫, ৭ ছেপ্টেম্বৰ : শনিবাৰে বৰপেটা জিলাৰ কলগাছিয়াত কংগ্ৰেছ দলৰ এখন নিৰ্বাচনী বৈঠক অনুষ্ঠিত হৈ যায়। বৰপেটা জিলা সমিতিৰ সভাপতি শান্তনু শৰ্মাৰ সভাপতিত্বত কলগাছিয়াস্থিত ভূপেন হাজৰিকা উদ্যানত অনুষ্ঠিত কংগ্ৰেছৰ এখন নিৰ্বাচনী বৈঠকত অসম কংগ্ৰেছ দলৰ সভাপতি ৰিপুণ বৰাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি জনীয়া সমষ্টিৰ অন্তৰ্গত কংগ্ৰেছ দলৰ সকলো পৰ্য্যায়ৰ নেতা-কৰ্মী সকলক উপ-নিৰ্বাচনৰ বাবে সাঁজু হ’বলৈ আহ্বান জনায়।

ভাষণ প্ৰসংগত ৰিপুণ বৰাই কয় যে, জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ, ইউ ডি এফ আৰু বিজেপিৰ লগত ত্ৰিকোণীয় নিৰ্বাচনী যুঁজ হ’ব মন্তব্য কৰি বৰ্তমান জনীয়াত কংগ্ৰেছৰ ভোট বেংক নাই বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। লগতে অসমত কংগ্ৰেছ দলৰ শাসন কালত বহু বৈধ ভাৰতীয় লোকক ‘ডি’ ভোটাৰ সজোৱা হৈছে বুলি অকপটে স্বীকাৰ কৰাৰ লগতে সংখ্যালঘু অধ্যুষিত এলেকা কলগাছিয়াত উপস্থিত হৈ নিজকে লজ্জিত বুলিও মন্তব্য আগবঢ়ায়।

সভাত বিজেপি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি ৰঞ্জিত দাসক হনুমান ভক্ত বুলি ইতিকিং কৰে। কংগ্ৰেছ কৰ্মী সকলৰ মাজত অনুষ্ঠিত হোৱা নিৰ্বাচনী বৈঠক খনত ব্যবহৃত হোৱা কোনো এখন বেনাৰ পোষ্টাৰত ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা কংগ্ৰেছৰ বৰ্ষীয়ান নেতা তৰুণ গগৈৰ ফটো নথকা সন্দৰ্ভত তৰুণ গগৈ মুক্ত কংগ্ৰেছ কৰা হৈ আছে নেকি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত সভাপতি বৰাই কয় যে, যিহেতু কংগ্ৰেছ দলৰ বিভিন্ন পৰ্য্যায়ৰ সভাপতি সকলক লৈ এই বৈঠক কৰা হৈছে তাৰ বাবেহে তেওঁৰ ফটো নাই বুলি গা এৰা মন্তব্য আগবঢ়ায়।

ইয়াৰোপৰি তৰুণ গগৈয়ে এন আৰ চি পেলনীয়া কাগজৰ তুলনা কৰাৰ সন্দৰ্ভত কি ক’ব বুলি সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত কয় যে, সেইয়া দলৰ নহয় তেওঁৰ ব্যক্তিগত মন্তব্যহে।