বৰপেটা, সংবাদ ৩৬৫, ৭ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰপেটা অসামৰিক চিকিৎসালয়ৰ সন্মুখত শনিবাৰে এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।

এ এছ ১৫চি ৮৮৯৮ নম্বৰৰ অবৈধ ভাবে বালি কঢ়িয়াই অনা ট্ৰেক্টৰৰ ট্ৰলিৰ খুন্দাত অটোৰে কলগাছিয়ালৈ আহি থকা ছুমাইয়া খাতুন নামৰ এগৰাকী ২ বছৰীয়া কন্যা শিশু নিহত হোৱাৰ লগতে শিশু গৰাকীৰ মাতৃ ৰূপছি খাতুন আৰু আন এগৰাকী তিৰোতা আহত হয়।

পথ দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে ট্ৰলিৰ খুন্দাত শিশু গৰাকীৰ মগজু ওলাই পৰাৰ লগতে মাতৃ গৰাকীৰ এখন হাত ভাঙি যায়। লগে লগে আহত সকলক ওচৰতে থকা বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে। ইফালে ঘটনা সংঘটিত কৰিয়েই ট্ৰেক্টৰৰ চালকজন পলায়ন কৰিছে।

উল্লেখ্যে যে, চিকিৎসালয়লৈ যাতায়ত কৰা পথৰ ওপৰত ৰখাই থোৱা অটো আৰু আন আন গাড়ীৰ বাবে সঘনাই এনে দুৰ্ঘটনা হৈ থাকে কিন্তু প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এই দুৰ্ঘটনা হৈছে বুলি ৰাইজে অভিযোগ কৰে।