গুৱাহাটী, সংবাদ ৩৬৫, ৮ ছেপ্টেম্বৰ : বিগত কিছুদিন ধৰি অসমত এ টি এম হেকিঙৰ দ্বাৰা লাখ লাখ টকা লুট কৰি আহিছিল এটা হেকিং চক্ৰই । এই হেকিং চক্ৰৰ দুইজন হেকাৰক মুম্বাই আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অসম আৰক্ষীয়ে ।

ক্ৰাইম বাঞ্চে মুম্বাইৰ পৰা তুৰ্কীৰ ২ হেকাৰ আব্দুল হালেক আৰু ঈদগী ইমৰাহক মুম্বাইত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । লগতে ১০খন নকল এ টি এম কাৰ্ড আৰু এটা লেপটপ জব্দ কৰে আৰক্ষীয়ে ।

মুম্বাইৰ পৰা নিয়ন্ত্ৰিত হৈছিল হেকাৰৰ দলটো ৷ ৰাজ্যৰ পৰা মুঠ ১৬ লাখ ৮৫ হাজাৰ টকা লুটিছিল হেকিং চক্ৰটোৱে । দেওবাৰে মুম্বাইৰ পৰা অসমলৈ লৈ অহা হৈছে দুয়োজন হেকাৰক । ক্ৰাইম বাঞ্চে মুম্বাইৰ পৰা বিমানযোগে বৰঝাৰ বিমানবন্দৰলৈ লৈ আনে আব্দুল হালেক আৰু ঈদগী ইমৰাহক দুুয়োজন হেকাৰক ।

বৰঝাৰ বিমানবন্দৰৰ পৰা অসম আৰক্ষীৰ ক্ৰাইম বাঞ্চে লৈ যায় হেকাৰ দুয়োজনক । উল্লেখ্য যে ৰাজ্যত মুঠ ৪৬টা গোচৰ ৰুজু হৈ আছে এটিম হেকিং সন্দৰ্ভত ।