জনীয়া, সংবাদ ৩৬৫, ২১ জুলাই : জনীয়া সমষ্টিৰ কান্দাপাৰা-ৰূপাকুচি সংযোগী কাঠৰ দলংখন যোৱা বাৰিষাত উঠি গৈছিল। যাৰ বাবে সম্প্ৰতি যাতায়তৰ ক্ষেত্ৰত জমৰ-জাতনাত ভুগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে।

উল্লেখযোগ্য যে জনীয়া সমষ্টিৰ কাদং আৰু কান্দাপাৰা অঞ্চলৰ ৰাইজৰ একমাত্ৰ যোগাযোগৰ মাধ্যম হিচাবে পৰিগণিত হোৱা কান্দাপাৰাস্থিত চাউলখোৱা নদীৰ ওপৰত থকা কাঠৰ দলংখন। বৃহত্তৰ এলেকাৰ লগতে স্কুল কলেজলৈ যোৱা ছাত্র-ছাত্ৰী সকলৰ যথেষ্ঠ অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে। কাৰণ তেওঁলোকে সময় মতে স্কুলত যাব পৰা নাই। টুলুঙা নাৱেৰে যাতায়ত কৰিব লগা হৈছে। এই ক্ষেত্ৰত কব লাগিব যে একমাত্ৰ ঠিকাদাৰৰ লেহেম গতিৰ বাবে কামত আধৰুৱা হৈ আছে।

ৰাইজৰ অভিযোগ এই ক্ষেত্ৰত জিলা প্ৰশাসনে নিৰ্লিপ্ত ভূমিকা লৈ আছে। গতিকে জিলা প্ৰকাশন ধিৰ পদক্ষেপ লব লাগে। প্ৰাক্তন বিধায়ক আব্দুল খালেক বিধায়ক থকা সময়ত দলঙৰ কামটো ঠিকাদাৰে আবন্টন পাইছিল। কিন্তু সেই সময়ৰ পৰা আজিৰ তাৰিখলৈকে কিয় কামখিনি হোৱা নাই। এতিয়া ৰাইজে দাবী নৱ নিৰ্বাচিত সাংসদ এই ক্ষেত্ৰত পদক্ষেপ লব পাৰে কিন্তু কিয় লোৱা নাই ।