ৰঙিয়া, সংবাদ ৩৬৫, ২১ জুলাই : প্ৰথমে চকুৰ চিনাকি । তাৰপিছত মোবাইল প্ৰেম । চিনাকিৰ অন্ততঃ এমাহৰ ভিতৰতে প্ৰেমিকৰ সৈতে পলায়ন কৰিলে প্ৰেমিকাই । ইয়াৰ পাছত দিনে নিশাই মোবাইলত মৰম চেনেহৰ কথা কোৱা প্ৰেমিকে আৰম্ভ কৰিলে নিৰ্যাতন । ৰঙিয়াৰ জীয়াৰীক গুৱাহাটী মালিগাঁও কৈলাশ নগৰত এগৰাকী বোৱাৰীক শাৰীৰিক – মানসিক নিৰ্যাতন । যৌতুক দাবী কৰি পত্নীক অত্যাচাৰ পাষণ্ড স্বামীৰ ।

যোৱা ডেৰ বছৰ ধৰি সাধাৰণ কথাতে মাৰ – ধৰ কৰি আহিছে গাড়ী চালক অঞ্জন কাকতিয়ে । যৌতুকৰ নামত দাবী কৰা টকা দিব নোৱাৰাৰ অপৰাধতে উপৰ্যুপৰি আক্ৰমণ কৰি ৮ মহীয়া দেৱশিশুটি কাঢ়ি ৰাখি ঘৰৰ পৰা উলিয়াই দিয়ে বোৱাৰী গৰাকীক । পত্নীয়ে গুৰুতৰভাৱে আহত হল স্বামীৰ আক্ৰমণত । প্ৰাণৰ মমতাত বোৱাৰী গৰাকীয়ে আশ্ৰয় লয় ৰঙিয়াৰ জয়ন্তীপুৰত থকা মাতৃ গৃহত । এই অভিযোগ ৰঙিয়াৰ জয়ন্তীপুৰৰ ভুক্তভোগী মহিলাগৰাকীৰ ।

ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী মহিলা গৰাকীয়ে জালুকবাৰী থানাত স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । ডেৰ বছৰীয়া এটা সন্তান থকা যৌতুকৰ বলি হোৱা মহিলা গৰাকীয়ে ন্যায় পাবনে ? সেয়াই এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ।