ৰাণী, ২৬ ছেপ্টেম্বৰঃ মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীত শনিবাৰে নিশা দুৰ্বিত্তই এটা দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ জ্বলাই দিয়াত পৰিয়ালটোৱে ভয় আৰু শংকাত দিন অতিবাহিত কৰিবলগীয়া হৈছে৷ প্ৰাপ্ত তথ্য মতে, পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ৰাণীৰ গণপতিৰ বাসিন্দা দিলীপ বড়োৰ বাসগৃহত কোনো অচিনাক্ত লোকে অগ্নিসংযোগ কৰে৷ দিলীপ বড়ো আৰু পত্নী অবলা বড়োৱে অন্য দিনৰ দৰে শনিবাৰেও দিন হাজিৰা কৰাৰ কাৰণে ওলাই যোৱাৰ পিছত বিয়লি দুৰ্বিত্তই বাসগৃহটোত অগ্নিসংযোগ কৰে৷ সন্ধ্যা কাম কৰি উভতি আহি দিলীপ বড়ো আৰু পত্নী অবলা বড়োৱে জ্বলি ছাই হোৱা ঘৰটো দেখি স্থানীয় ৰাণী আৰক্ষীক খবৰ দিয়ে। বড়ো দম্পতিৰ বাসগৃহৰ লগতে সকলো সামগ্ৰী, কাপোৰ কানি জ্বলি ছাই হোৱাত পৰিয়ালটো উপায়ন্ত হৈ পৰিছে৷ ঘৰটো পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাক লৈ চিন্তিত হৈ পৰিছে বৃদ্ধা দম্পতীদ্বয়। ৰাণী আৰক্ষীয়ে বৰ্তমানলৈ ঘটনাৰ লগত জড়িত কোনো দুৰ্বিত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই।