শিৱসাগৰ, ২৫ অক্টোবৰ, ২০২৩ : এক অমানৱীয় ঘটনা। তিনি যুৱকৰ ওপৰত জপিয়াই পৰিল দুশৰো অধিক লোক (Moral Policing)। ছাগলী চোৰৰ সন্দেহত তিনি যুৱকক নিৰ্মমভাৱে প্ৰহাৰ। দুশৰো অধিক লোকৰ গণ প্ৰহাৰৰ বলি হ’ল তিনি যুৱক। গছত বান্ধি তিনি যুৱকক নিৰ্মমভাৱে প্ৰহাৰ কৰিলে দুশৰো অধিক লোকে। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যুৱক তিনিজনক।

ৰাজ্যত পুনৰ সংঘটিত হৈছে গণ প্ৰহাৰৰ ঘটনা। তিনিজনকৈ যুৱক বলি হৈছে গণ প্ৰহাৰৰ। ছাগলী চোৰৰ সন্দেহত দুশৰো অধিক লোকে যুৱক তিনিজনক আৱদ্ধ কৰি গছত বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰে। গণ প্ৰহাৰত গুৰুত্বৰভাৱে আহত হৈছে যুৱক তিনিজন। শিৱসাগৰ জিলাত সংঘটিত হৈছে এই অমানৱীয় গণ প্ৰহাৰৰ ঘটনা। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত নামতিয়ালত ছাগলী চোৰৰ সন্দেহৰ যুৱক তিনিজনক গছত বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰে।

ৰাজ্যজুৰি দুৰ্গা পূজাৰ উখল মাখল পৰিৱেশৰ মাজতে এক অমানৱীয় গণ প্ৰহাৰৰ ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত নামতিয়ালত। জানিব পৰা মতে মঙলবাৰে নিশাৰ ভাগত তিনিজন যুৱক গৈ থকা অৱস্থাত একাংশ লোকে যুৱক তিনিজনক ছাগলী চোৰৰ সন্দেহত আৱদ্ধ কৰি গছত বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰে। দুশৰো অধিক লোকে যুৱক তিনিজনক ঘেৰাও কৰি আক্ৰমণ কৰে।

গণ প্ৰহাৰৰ বলি হোৱা যুৱক তিনিজন ক্ৰমে কালুগাঁও গায়ন গাঁৱৰ মিলন জ্যোতি ভূঞা, শলগুৰিৰ পৰাণ দত্ত আৰু নামতি মেজেঙাৰ প্ৰশান্ত গগৈ। জানিব পৰা মতে অঞ্চলটোত বিগত কিছুদিন ধৰি ছাগলী চুৰিৰ ঘটনা সংঘটিত হৈ আছে। অঞ্চলটোৰ বহু লোকৰ ঘৰৰ পৰা ছাগলী চুৰ কৰি নিয়া হৈছে। মঙলবাৰে নিশাৰ ভাগত যুৱক তিনিজনক গৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰি যুৱক তিনিজন ছাগলী চোৰ বুলি সন্দেহ কৰি যুৱক তিনিজনৰ ওপৰত গণ আক্ৰমণ কৰা হয়।

ছাগলী চোৰৰ সন্দেহত একাংশ লোকে যুৱক তিনিজনক আৱদ্ধ কৰি গছত বান্ধি, যুৱক তিনিজনৰ চোলা ফালি নিৰ্মমভাৱে আক্ৰমণ কৰে। ইয়াৰ পিছতে একাংশ ৰাইজে গৌৰীসাগৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাৰ খবৰ পাই গৌৰীসাগৰ আৰক্ষী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ যুৱক তিনিজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত গৌৰীসাগৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।