ৰঙিয়া, ২৮ আগষ্টঃ জুবিনৰ বাবেই চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হ’ল বিশেষভাৱে সক্ষম এটা শিশু৷ শীঘ্ৰে মুক্তি হ’ব লগা জুবিনৰ চলচিত্ৰ মিছন চাইনাৰ ট্ৰেইলাৰ চোৱাৰ পিছতে জুবিন বলিয়া হৈ পৰে শিশুটো। কেৱল মিছন চাইনাৰ গীত আৰু সংলাপ কয় শিশুটোৱে। শিশুটোৰ কাৰণে জুবিনেই পিতা জুবিনেই মাতৃ। নিজৰ পিতৃ-মাতৃৰ পৰিবৰ্তে জুবিনৰ লগতহে থাকিব বিচাৰে শিশুটোৱে। ভাত-পানী খোৱা বাদ দি কেৱল জুবিনক বিচাৰে। জুবিনক নাপায় অদ্ভুত আচৰণ কৰিবলৈ লোৱা শিশুটোক উপায়বিহীন হৈ পিতৃ মাতৃয়ে ৰঙিয়াৰ স্পৰ্শ হাস্পতালত ভৰ্তি কৰায়। নাৰ্ছে বেজি দিয়াৰ সময়ত জুবিনৰ গান গালেহে বেজি লয়। আনহাতে চিকিৎসকে এয়া এক ফেন্টাচি বুলি কয়। কোনো খেলুৱৈ, অভিনেতা তথা গায়কক অতি বেছি ভাল পালে এনেধৰণৰ মানসিক সমস্যা হয় বুলি চিকিৎসালয়ৰ চিকিৎসক ভৰত বৈশ্যই জানিবলৈ দিয়ে৷ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰজনৰ পিতৃৰ ইচ্ছা জুবিনে এবাৰ লগ কৰিলেই সন্তানটো সুস্থ হৈ উঠিব। যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিনে শিশুটিক সুস্থ কৰি তুলিবলৈ এবাৰ লগ কৰিবনে?