নিউজ ডেস্ক, ৩ আগষ্ট, ২০২৩ : ৰাজ্যত ডাইনীৰ নামত অত্যাচাৰ ৰোধ কৰাৰ বাবে ঝাড়খণ্ড চৰকাৰে (Jharkhand Government) গ্ৰহণ কৰা পদক্ষেপৰ বিশদ প্ৰতিবেদন আদালতত দাখিল কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সঞ্জয় কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ আনন্দ সেনৰ এখন বিভাগীয় বিচাৰপীঠে এটা পিআইএলৰ ছুঅ’ মটু কগনিজেন্স লৈ এই নিৰ্দেশনা দিয়ে। তাৎপৰ্যপূৰ্ণভাৱে ঝাৰখণ্ডত বহু সময়ত নিৰীহ নাৰীক ডাইনী বুলি ৰাজহুৱাভাৱে অত্যাচাৰ কৰা হয় আৰু বহু সময়ত ভুক্তভোগীৰ মৃত্যু হয়।

সেয়ে ডাইনীপ্ৰথা বন্ধ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত তথ্য বিচাৰিছে আদালতে। অহা ৯ ছেপ্টেম্বৰত এই বিষয়ত শুনানি গ্ৰহণ কৰিব আদালতে। শুনানিৰ সময়ত ন্যায়াধীশ গৰাকীয়ে ডাইনী প্ৰথাকলৈ উদ্বেগ প্ৰকাশ কৰি কয় যে চৰকাৰে এই কু-প্ৰথাৰ বিৰুদ্ধে কেইবাখনো আইন প্ৰণয়ন কৰিছে, কিন্তু ইয়াৰ পৰা বিশেষ একো লাভ হোৱা নাই। বিচাৰপীঠে কয় যে সমাজত অন্ধবিশ্বাস ব্যাপকভাৱে প্ৰচলিত আৰু এনে অসৎ কাৰ্য ৰোধ কৰিবলৈ ইয়াক মোকাবিলা কৰাটো প্ৰয়োজন।

আনহাতে, ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তক আদৰণি জনাইছে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডাইনীকাণ্ড আৰু অন্ধবিশ্বাস বিৰোধী নেতা ড০ দিব্যজ্যোতি শইকীয়াই। ড০ শইকীয়াই কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ মানুহ এতিয়াও প্ৰকৃত মানসম্পন্ন শিক্ষাৰে সম্পূৰ্ণ শিক্ষিত হোৱা নাই। ঝাৰখণ্ড চৰকাৰে সাধাৰণ জনতাৰ মাজত অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা বিয়পাই দিব পৰা নাই।

সেইবাবেই কিছুমান তথাকথিত দুস্কৃতিকাৰীয়ে আজিও অন্ধবিশ্বাস আৰু ডাইনীৰ নামত মানুহক অত্যাচাৰ আৰু হত্যা কৰি আহিছে। উল্লেখযোগ্য যে দেশৰ আগশাৰীৰ অন্ধবিশ্বাস বিৰোধী নেতা, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াৰ অক্লান্ত সংগ্ৰামে অসমৰ লগতে দেশৰ অন্যান্য প্ৰান্তত বহু নিৰীহ লোকৰ জীৱন ৰক্ষা কৰিছে।

ড০ দিব্যজ্যোতি শইকীয়াৰ প্ৰবল দাবীত অসমত “দ্যা আচাম ৱিতছ হানটিং (পিপিপি) এক্ট ২০১৫ প্ৰণয়ন কৰা হয়। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ডাইনীকাণ্ডৰ ঘটনা সংঘটিত হোৱা দেখা যায়। ডাইনীৰ নামত একাংশ লোকে নিৰীহ লোকৰ ওপৰত আক্ৰমণ চলাই নিৰ্যাতন চলোৱাৰ ঘটনা প্ৰায়ে পৰিলক্ষিত হয় অসমত। অন্ধবিশ্বাস বিৰোধী নেতা, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই দীর্ঘদিন ধৰি ডাইনীকাণ্ডৰ বিৰুদ্ধে যুঁজ চলাই আছে।