গুৱাহাটী, ০২ আগষ্ট, ২০২৩ : ছাইৰাঙৰ পৰা হবিচুয়ালৈ নতুন ৰে’লপথৰ (New Railway Tack) বাবে চূড়ান্ত স্থান জৰীপৰ অনুমোদন। এই অনুমোদনে এক্ট ইষ্ট নীতিক গুৰুত্বপূৰ্ণ উৎসাহ প্ৰদান কৰিব। এক্ট ইষ্ট নীতিৰ অংশ হিচাপে, ভাৰতীয় ৰে’লৱেই মিজোৰামৰ ম্যানমাৰ সীমান্তক ৰে’লযোগে সংযোগ কৰাৰ পৰিকল্পনা কৰিছে।

শেহতীয়াকৈ ৰে’লৱে বোৰ্ডে ম্যানমাৰ সীমান্তৰ সমীপৱৰ্তী মিজোৰামৰ ২২৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ, ছাইৰাং (আইজল)ৰ পৰা হবিচুয়ালৈ চূড়ান্ত স্থান জৰীপৰ (এফএলএছ) বাবে অনুমোদন জনাইছে।।অঞ্চলটোৰ কৌশলগত গুৰুত্ব আৰু তুলনামূলকভাৱে অৰ্থনৈতিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি ৰে’ল মন্ত্ৰালয়ে এই প্ৰকল্পটো গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।

এই প্ৰকল্পই হবিচুয়াৰ জৰিয়তে উত্তৰ-পূব ভাৰতলৈ আৰু এটা প্ৰৱেশ পথৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ ফলত ম্যানমাৰৰ ছিতুৱে বন্দৰহৈ উত্তৰ-পূৰ্ব্বাঞ্চললৈ সামগ্ৰী পৰিবহনৰ ব্যয় আৰু সময় হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। শেহতীয়াকৈ ম্যানমাৰৰ ছিতুৱে বন্দৰটো উদ্বোধন কৰিছিল কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উত্তৰ পূব সীমান্ত ৰে’লৱেই বৰ্তমান ভৈৰবী আৰু ছাইৰাঙৰ মাজত ৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰড-গজ ৰে’ল পথ প্ৰকল্প সম্পাদন কৰি আছে, যাৰ বাবে নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলি আছে। ম্যানমাৰ সীমান্তৰ ১১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ইম্ফল-মৰেহ ৰে’ল পথ সংযোগ প্ৰকল্পৰ আন এক চূড়ান্ত স্থান জৰীপও অতি শীঘ্ৰে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

প্ৰস্তাৱিত নতুন ব্ৰড-গজ ৰেল পথৰ দ্বাৰা ভাৰত আৰু ম্যানমাৰ আৰু এই বিস্তৃত অঞ্চলৰ মাজত বাণিজ্যিক সংযোগ আৰু সম্পৰ্কক বৃদ্ধি কৰিব। ইয়াৰ উপৰিও উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহৰ অৰ্থনৈতিক উন্নয়নত সহায় কৰিব।