গুৱাহাটী, ৪ আগষ্ট, ২০২৩ : বিদ্যুৎৰ তাঁৰত লাগি পুনৰ তিনিটাকৈবনৰীয়া হাতীৰ কৰুণ মৃত্যু (Three Wild Elephant Killed)। এইবাৰ মহানগৰী গুৱাহাটীৰ সমীপৱৰ্তী ৰাণীত সংঘটিত হৈছে এই কৰুণ ঘটনা। কিছুদিন পূৰ্বে নগাঁৱত দুটা আৰু কাজিৰঙাত এটা বনৰীয়া হাতী বিদ্যুৎৰ তাঁৰত লাগি কৰুণ মৃত্যুক আঁকোৱালি লৈছিল। এমাহৰ ভিতৰতে ৰাজ্যত ৬ টাকৈ বনৰীয়া হাতী বিদ্যুৎপৃষ্ঠ হৈ মৃত্যুৰ মুখত পৰিছে।

ৰাজ্যত পুনৰ বিদ্যুৎপৃষ্ঠ হৈ মৃত্যুৰ মুখত পৰিছে তিনিটাকৈ বনৰীয়া হাতী। এইবাৰ এই কৰুণ ঘটনা সংঘটিত হৈছে মহানগৰীৰ গুৱাহাটীৰ সমীপৱৰ্তী ৰাণী অঞ্চলত। ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৰাণী চাহ বাগানৰ পানীচন্দাত সংঘটিত হৈছে এই কৰুণ ঘটনা। শুকুৰবাৰে পুৱতি নিশাৰ ভাগত এটা মতা আৰু এটা মাইকী হাতীৰ লগতে এটা পোৱালি হাতী বিদ্যুৎপৃষ্ঠ হৈ কৰুণ মৃত্যুক আঁকোৱালি লয়। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি মৃত্যুৰ মুখত পৰে হাতী তিনিটা।

স্থানীয় ৰাইজে জানিবলৈ দিয়ে যে পুৱতি নিশা প্ৰায় ৩ বজাত বনাঞ্চলৰ পৰা এটা এশ জনীয়া বনৰীয়া হাতীৰ জাক খাদ্যৰ সন্ধানত ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰে। বনৰীয়া হাতীৰ জাকটো তামোলৰ বাগানত প্ৰৱেশ কৰি উপদ্ৰৱ চলায়। বনৰীয়া হাতীৰ জাকটোৱে তামোলৰ গছ এটা ভাঙিবলৈ চেষ্টা চলাওঁতে তামোলৰ গছডাল বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এটা মতা আৰু এটা মাইকী হাতীৰ লগতে এটা পোৱালি হাতী বিদ্যুৎপৃষ্ঠ হৈ মৃত্যুৰ মুখত পৰে।

পুৱাৰ ভাগত স্থানীয় ৰাইজে বনৰীয়া হাতী তিনিটাৰ মৃতদেহ প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে। ঘটনাৰ খবৰ পাই ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হাতী তিনিটাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। বিদ্যুৎপৃষ্ঠ হৈ তিনিটাকৈ বনৰীয়া হাতীৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। উল্লেখ্য যে এমাহৰ ভিতৰত ৰাজ্যত বিদ্যুৎপৃষ্ঠ হৈ ৬ টাকৈ বনৰীয়া হাতীৰ মৃত্যু ঘটিছে।

কিছুদিন পূৰ্বে নগাঁৱৰ কন্দলীৰ কুঁহিয়াৰতলীত দুটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হৈছিল৷ বন বিভাগৰ তদন্তৰ হাতী দুটা বিদ্যুৎপৃষ্ঠ হৈ মৃত্যুৰ মুখত পৰিছিল বুলি পোহৰলৈ আহে। ইয়াৰ দুদিন পিছতে কাজিৰঙাত এটা ৭ বছৰীয়া হাতীৰ বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু হৈছিল। চুংকু মুণ্ডা নামৰ এজন লোকে বনৰীয়া হাতীৰ পৰা কঠিয়া ৰক্ষা কৰিবলৈ কঠিয়াতলি চৌদিশে বিদ্যুৎ পৰিবাহী তাঁৰৰ বেৰ সংস্থাপন কৰিছিল। এই বিদ্যুৎ পৰিবাহী তাঁৰৰ বেৰত লাগি মৃত্যু হৈছিল বনৰীয়া হাতীটোৰ। বন বিভাগৰ লোকে চুংকু মুণ্ডাক গ্ৰেপ্তাৰ কৰি চুংকু মুণ্ডাৰ ঘৰত তালাচি চলাই বুজন পৰিমাণৰ বিদ্যুৎৰ তাঁৰ উদ্ধাৰ কৰি জব্দ।কৰিছিল।