গুৱাহাটী, সংবাদ৩৬৫, ১৬ মাৰ্চ : কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ আদৰ্শ আচৰণ বিধি আৰু নিৰ্বাচনী ব্যয় নিৰীক্ষণ কোষত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ চূড়ান্ত প্ৰশিক্ষণ পৰিচালনা কৰে আদৰ্শ আচৰণ বিধি আৰু নিৰ্বাচনী ব্যয় নিৰীক্ষণ কোষৰ ন’ডেল বিষয়া তথা অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাসে।

অতিৰিক্ত উপায়ুক্ত দাসে কোষ দুটাৰ সৈতে জড়িত বিষয়া -কৰ্মচাৰীসকলক আগন্তক লোকসভা নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াত সংশ্লিষ্ট বিষয়া সকলে পালন কৰিবলগীয়া দায়িত্বৰ বিষয়ে বিতংভাৱে আলোচনা কৰে।

দাসে কয় যে নিৰ্বাচনী প্ৰক্ৰিয়াত উক্ত কোষ দুটাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। ভাৰতৰ নিৰ্বাচন আয়োগৰ আদৰ্শ আচৰণ বিধি আৰু অন্যান্য নীতি-নিয়ম সমূহ ৰাজনৈতিক দল আৰু নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলে যাতে উলংঘা কৰিব নোৱাৰে তাৰ প্ৰতি এই কোষৰ সৈতে জড়িত বিষয়াসকলে অধিক সতৰ্ক আৰু তৎপৰ হৈ থাকিব লাগিব। তদুপৰি, এই কোষৰ বিষয়াসকলে নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ নিৰ্বাচনী ব্যয়ৰ ওপৰতো চকু ৰাখিব লাগিব।

এই প্ৰশিক্ষণত সহকাৰী ব্যয় পর্যবেক্ষকক আৰু গণনাকাৰী টীমৰ বিষয়া-কর্মচাৰীসকলৰ কাম-কাজৰ বিষয়েও বিতংকৈ আলোচনা কৰা হয়।

ইয়াৰ উপৰি এই প্ৰশিক্ষণত ভিডিও চাৰ্ভিলেন্স টীম,ভিডিও ভিউইং টীম, ফ্লাইং স্কোৱাৰ্ডৰ বিষয়া-কৰ্মচাৰীসকলৰ কাম-কাজৰ বিষয়ে আলোচনা কৰা হয়।

এই প্ৰশিক্ষণত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত নিবেদন দাস পাটোৱাৰী, গুৱাহাটীৰ ৰাজহ চক্ৰ বিষয়া জেনিফাৰ ইয়াচমিন চৌধুৰী, চন্দ্ৰপুৰৰ চক্ৰ বিষয়া পল্লৱ জ্যোতি নাথ, উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰ বিষয়া প্ৰণৱ দত্ত গোস্বামীকে ধৰি কোষ দুটাৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীসকল ।