গৰ্গজ্যোতি দাস

অভয়াপুৰী : অভয়াপুৰীত শোকাবহ দুর্ঘটনা। এই শোকাবহ দুৰ্ঘটনাত আব্দুল লতিফ নামৰ এজন সাংবাদিকৰ লগতে আন এজন যুৱক নিহত হয়। ঘটনাক কেন্দ্ৰ কৰি অভয়াপুৰীত বিৰাজ কৰিছে শোকৰ ছাঁ।

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বৰঘোলাত এক শোকাবহ দুর্ঘটনা সংঘটিত হৈছে। এখন বাহন আইনৈত পৰি সাংবাদিক আব্দুল লতিফ লগতে আন এজন যুৱক নিহত হৈছে। সোমবাৰে নিশাৰ ভাগত সংঘটিত হয় এই দুর্ঘটনা।

আইনৈৰ ওপৰত নিৰ্মাণ কাৰ্য চলি থকা এখন দলংৰ পৰা বাহনখন নৈত পৰি যোৱাত সাংবাদিকজনৰ লগতে দিপাংকৰ ৰায় নামৰ আন এজন যুৱক নিহত হয়। দুৰ্ঘটনাত নিহত আব্দুল লতিফ দৈনন্দিন বাৰ্তা কাকতৰ স্থানীয় সাংবাদিক আছিল।

পুৱাৰ ভাগত একাংশ লোকে আইনৈত বাহনখন পৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে বাহনখনৰ পৰা দুজনৰ মৃতদেহ উদ্ধাৰ কৰে। বাহনখন কেনেকৈ আইনৈত পৰিল এই সম্পৰ্কে বর্তমানলৈকে জানিব পৰা হোৱা নাই।

উল্লেখ্য যে সাংবাদিক আব্দুল লতিফ কাহিবাৰী ঘাটত লেছীয়ে সংঘটিত কৰা দুৰ্নীতিৰ বিৰুদ্ধে ধাৰাবাহিক বাতৰি পৰিবেশন কৰি আহিছিল। নিহত সাংবাদিক আব্দুল লতিফ আছুৰ প্ৰাক্তন নেতা আছিল। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোৰ শোকৰ ছাঁ বিৰাজ কৰিছে।