মানকাচৰ : মানকাচৰৰ বিভিন্ন প্ৰান্তত বৰদৈচিলাৰ তাণ্ডৱ। মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী পাথুৰীয়া, ঝাওডাঙ্গা, কুচনীমাৰাত শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ বিধস্ত। বহু ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি পৰে। গছ বাগৰি ৭ খন চাৰিচকীয়া বাহনৰ ক্ষতি সাধন হোৱাৰ লগতে বিদ্যুৎৰ খুটা পৰি যোৱাত বিদ্যুৎ সেয়া ব্যাহত।

সোমবাৰে নিশা প্ৰায় ৮ বজাত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী পাথুৰীয়া, ঝাওডাঙ্গা আৰু কুচনীমাৰা গাঁও পঞ্চায়ত এলেকাত বৰদৈচিলাৰ তাণ্ডৱলীলাত শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ বিধস্ত হৈ পৰে। মানকাচৰৰ পশ্চিম প্ৰান্তত থকা বাংলাদেশৰ ফালৰ পৰা উঠি অহা ধুমুহা আৰু বৰষুণৰ ফলত বিশেষকৈ পাথুৰীয়া গাঁও পঞ্চায়ত এলেকাত বিস্তৰ ক্ষতিগ্ৰস্ত হয়।

ধুমুহা আৰু বৰষুণে পঞ্চায়তখনৰ মাজত থকা গেছ এজেঞ্চিৰ টিনপাত উৰুৱাই নিয়াত লগতে শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰৰ টিনপাত উৰুৱাই নিয়ে। ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি পৰাত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে। একেদৰে বিদ্যুৎৰ খুটা ভাঙি পৰাত বৃহত্তৰ এলেকাত বিদ্যুৎ সেয়া ব্যাহত হৈ আছে। একাংশ লোকৰ ঘৰৰ ওপৰত গছ উভালি পৰি ঘৰ দুৱাৰ বিধস্ত হৈ পৰিছে।

আনহাতে একে সময়তে হোৱা এই ধুমুহাৰ ফলত কুচনীমাৰা আৰু ঝাওডাঙ্গা গাঁও পঞ্চায়ত এলেকাতো বিস্তৰ ক্ষতি সাধন হৈছে। হঠাৎ অহা এই ধুমুহাৰ ফলত শতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। এই ধুমুহাৰ ফলত কোনো লোক ক্ষতিগ্ৰস্ত নহ’লেও মুঠ ৭ খনকৈ চাৰি চকীয়া বাহনৰ ওপৰত গছ উভালি পৰাত বাহন কেইটা ক্ষতিগ্ৰস্থ হৈছে।