ৰঙিয়া, ২৯ আগষ্টঃ ৰঙিয়াৰ নিতেনীৰ ভালুকবাৰীৰ অঙ্গনবাদী কেন্দ্ৰ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ সংঘটিত হোৱাৰ অভিযোগত উত্থাপন কৰি স্থানীয় লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ অঙ্গনবাদী কেন্দ্ৰ নিৰ্মাণত সংঘটিত দুৰ্নীতিত কমলপুৰ ৰঙিয়া সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া মনজিৎ দাস জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় জনতাই৷ কেন্দ্ৰটো নিৰ্মাণত সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া মনজিৎ দাসে ঠিকাদাৰৰ লগত মিলি দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ কৰিছে স্থানীয় জনতাই৷ বিজেপি চৰকাৰ মুৰ্দাবাদ, সমাজ কল্যাণ মন্ত্ৰী হায় হায়, অঙ্গনবাদী কেন্দ্ৰ নিৰ্মাণত দুৰ্নীতি নচলিব, চিডিপিঅ’ হায় হায় আদি শ্ল’গানেৰে প্ৰতিবাদকাৰীয়ে পৰিবেশ উত্তাল কৰি তোলে। উল্লেখ্য যে, প্ৰায় দুমাহ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ কৰা ৰঙিয়াৰ নিতেনীৰ ভালুকবাৰীৰ অঙ্গনবাদী কেন্দ্ৰটোত সম্প্ৰতি বৃহৎ বৃহৎ ফাট মেলিছে৷ চপৰা চপৰে উঠি গৈছে পকী মজিয়া। কেন্দ্ৰটো নিৰ্মাণত সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া আৰু ঠিকাদাৰে মিলি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে সম্প্ৰতি কেন্দ্ৰটোত জহি খহি যোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ক্ষুদ্ধ প্ৰতিবাদকাৰী জনতাই দুৰ্নীতি বিষয়াসকলক কঠোৰ শাস্তি প্ৰদানৰ কাৰণে চৰকাৰক দাবী জনাইছে।