তীৰ্থ শৰ্মাৰ সহযোগত যতীন নাথ
ওদালগুৰি : ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত দিনক দিনে অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে হাতী আৰু মানুহৰ সংঘাত। বিশেষকৈ জিলাখনৰ হৰিশিঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰজাগড়, আটাৰীখাট, ডিমাকুছি, কালিখোলা, নালাপাৰা, ভূটিয়াচাং, নোনাইপাৰা আদি অঞ্চলত নিতৌ উপদ্ৰৱ চলাই আহিছে বনৰীয়া হাতীৰ জাকে।

ওদালগুৰি জিলাৰ কাষৰীয়া বনাঞ্চল আৰু চাহ বাগিছাত আশ্ৰয় লৈ থকা বনৰীয়া হাতীৰ জাকে নিশা হলেই গ্ৰামাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলোৱাৰ লগতে মানুহৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে খেতি পথাৰৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে। বনৰীয়া হাতীৰ জাকৰ সন্ত্ৰাস নিয়ন্ত্ৰণ কৰিবলৈ বন বিভাগো বিফল হৈ পৰিছে।

বনৰীয়া হাতীৰ সন্ত্ৰাসৰ বাবে গাঁওবাসীয়ে প্ৰতিদিনেই উজাগৰী নিশা কটাবলগীয়া হৈছে। মঙলবাৰে নিশাৰ ভাগত বনৰীয়া হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীয়ে ২ নং উত্তৰ ডিমাকুছিত উপদ্ৰৱ চলায়। হাতীটোৱে গাঁওখনৰ হৰিদাস শৰ্মা, দম্বৰ বাহাদুৰ বিশ্বকৰ্মা আৰু সমৰেন্দ্ৰ কলিতাৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে।

নিশা বনৰীয়া হাটীটোৰ অতৰ্কিত আক্ৰমণত পৰিয়াল কেইটাৰ সদস্য সকল কোনোমতে পলাই নিজৰ প্ৰাণ ৰক্ষা কৰে। ইপিনে ভূক্তভোগী লোক সকলে বনৰীয়া হাতীৰ জাকক নিয়ন্ত্ৰণ কৰি জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বনবিভাগ তথা প্ৰশাসনক দাৱী জনাইছে।