আব্দুল হক

নগৰবেৰা : বিদ্যুৎ কৰ্তনক কেন্দ্ৰ কৰি উত্তাল নগৰবেৰাৰ এখন গাঁও। নগৰবেৰাৰ পাহাৰপাৰা গাঁৱৰ বিদ্যুৎ হঠাৎ কৰ্তন কৰাত ক্ষুন্ন হৈ উঠিছে গাঁওবাসী। পাহাৰপাৰা গাঁৱৰ বিদ্যুৎ কৰ্তন কৰাকলৈ গাঁওবাসীয়ে ৰাজপথত ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

বকো বিদ্যুৎ উপ-সংমণ্ডলৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে বিদ্যুৎ উপভোক্তা সকল। কোনো ধৰণৰ জাননী নিদিয়াকৈ জধে মধে বকো বিদ্যুৎ উপ-সংমণ্ডলে কৰ্তন কৰিছে একাংশ গাঁৱৰ বিদ্যুৎ সংযোগ। নগৰবেৰাৰ পাহাৰপাৰা গাঁৱৰ বিদ্যুৎ কৰ্তন কৰাত উপভোক্তা সকলে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

কোনো ধৰণৰ জাননী নিদিয়াকৈ নগৰবেৰাৰ পাহাৰপাৰা গাঁৱৰ বিদ্যুৎ সংযোগ কৰ্তন কৰাত বিদ্যুৎ বিভাগৰ ওপৰত ক্ষুন্ন হৈ পৰিছে গাওঁবাসী। উল্লেখ্য যে, পাহাৰপাৰা গাঁৱৰ কেৱল মাত্ৰ ১০ শতাংশ গ্ৰাহকে বিদ্যুৎ বিল আদায় নিদিয়াৰ বাবেই বকো বিদ্যুৎ উপসংমণ্ডলে কৰ্তন কৰিছে সমগ্ৰ গাঁওখনৰ বিদ্যুৎ সংযোগ।

এইদৰে বিদ্যুৎ কৰ্তন কৰাত ক্ষোভিত হৈ গাঁওবাসীয়ে বিভাগটোৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। প্ৰতিবাদকাৰী সকলে বিদ্যুৎ মন্ত্ৰী হায় হায়, বিদ্যুৎ বিভাগ মূৰ্দাবাদ আদি বিভিন্ন শ্ল’গানৰে পৰিৱেশ উত্তাল কৰি তোলে। অতি শীঘ্ৰে পুনৰ গাঁওখনত বিদ্যুৎ সংযোগ কৰাৰ দাবী যায় পাহাৰপাৰা গাঁৱৰ ৰাইজে।