অনলাইন ডেস্ক, ১৮ মেঃ বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰীমা লাগুৰ বুধবাৰে পুৱতি নিশা ৩ বাজি ১৫ মিনিটত মুম্বাইৰ কোকিলাবেন হস্পিতালত দেহাৱসান ঘটে। ৰীমা লাগু হৃদৰোগত আক্ৰান্ত হৈ মুম্বাইৰ কোকিলাবেন হস্পিতালত চিকিৎসাধীন হৈ আছিল। হাম আপকে হে কৌন, কল হৌ না হৌ, মেনে প্যাৰ কিয়া, সোহাগৰ দৰে চলচিত্ৰত সৱল অভিনয়ে ৰীমা লাগুৱে বলিউডত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল৷ সৰুপৰ্দাতো শ্ৰীমান আৰু শ্ৰীমতী, টু টু মে মে আদি ধাৰাবাহিকৰ সুন্দৰ অভিনয়ৰ বাবেও জনপ্ৰিয় হৈ পৰিছিল। বলিউড আৰু সৰু পৰ্দাত মৰমিয়াল মা আৰু শাহুৱেকৰ ভূমিকাত অভিনয় কৰি ৰীমা সকলোৰে মাজত মাতৃ হিচাপে পৰিচিত হৈ পৰিছিল৷ হিন্দী চিনেমাৰ উপৰিও ভালেমান মাৰাঠী ছবিতো অভিনেত্ৰীগৰাকীয়ে অভিনয় কৰিছিল। ৰীমা লাগুৱে একমাত্ৰ জীয়ৰী মৃণ্ময়ীৰ সৈতে মুম্বাইত বাস কৰিছিল। ৰীমাৰ মৃত্যু ভাৰতীয় ছবিজগতৰ বৃহৎ ক্ষতি৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৯ বছৰ। মুম্বাইতে ৰীমা লাগুৰ শেষকৃত্য সমাপন কৰা হ’ব।