কলগাছিয়া, সংবাদ ৩৬৫, ৩১ জুলাই : মূৰৰ পৰা মাত্ৰ এক ফুট ওপৰেদি গৈছে বিদ্যুৎৰ তাঁৰ। জংঘলৰ মাজত ডাক খাই পৰিছে টেনাচফৰ্মা, আচৰিত ভাৱে ভলুকা বাঁহৰে লগাই থৈছে বিদ্যুতৰ খুঁটা। সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ এলেকাধীন গুনিয়ালগুৰিত সঁচাকৈ দৃশ্যমান হৈছে বিদ্যুৎ বিভাগৰ এক পয়ালগা আৰু ভয়ংকৰ ছবি।

কলগাছিয়া এলেকাত ঘনেপ্ৰতি সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ গাফিলতিৰ বাবে বিদ্যুৎপৃষ্ট হৈ লোকৰ প্ৰাণ হানি হৈ আহিছে। তাৰ পাছতো সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ গালৰা নেদেখি গভীৰ চিন্তামগ্ন হৈ পৰা দেখা গৈছে স্থানীয় ৰাইজ। স্থানীয় ৰাইজে তদন্ত সাপেক্ষে সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদন জনাইছে। অন্যথা স্থানীয় ৰাইজে সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ বিৰুদ্ধে এক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰিছে।

উল্লেখ্য যে এই বিদ্যুৎ বিভাগৰ ঠিকাদাৰে ধনৰ লেনদেনত কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে। ধন নিদিয়া ঠাই ভোলুকা বাঁহেকে বিদ্যুতৰ খুঁটা হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি ঠিকাদাৰ তাইজুদ্দিনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মাজে সময়ে বিদ্যুতৰ তাঁৰ চিগি মাটিত পৰি থকাৰ ঘটনা অনেক বাৰ সংঘটিত হৈছে। বিদ্যুতৰ এই দুৰ্যোগৰ বিষয়ে সৰভোগ বিদ্যুৎ উপ সংমণ্ডলক অৱগত কৰিলেও কোনো ব্যবস্থা গ্ৰহণ নকৰে বুলি ৰাইজে সংবাদ মাধ্যমক জনাইছে।