নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ জুলাই : অসমৰ তথা উত্তৰ-পূব মহিলা ৰে’লযাত্ৰীয়ে এতিয়াৰে পৰা জেনেৰেল দবাত হাৰাশাস্তি ভুগিব লগা নহয় । কাৰণ জেনেৰেল টিকট কটা মহিলা সকলৰ বাবে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰ-পূব ৰে’লৱেই । টিকট কটা মহিলাসকলৰ সুবিধাৰ লগতে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সুকীয়া দবাৰ ব্যৱস্থা কৰিছে আৰু এই দবাত যাত্ৰা কৰিব পাৰিব কেৱল মহিলাসকলে ।

মহিলাৰ বাবে সংৰক্ষিত এই বিশেষ দবাটোৰ ৰং গুলপীয়া। মহিলাসকলে যাতে সহজে এই দবাটো বিচাৰি উলিয়াব পাৰে তাৰ বাবেই দবাত গুলপীয়া ৰং ব্যৱহাৰ কৰা হৈছে । নিউ বঙাইগাঁৱৰ পৰা গুৱাহাটী আৰু ৰঙিয়াৰ পৰা মুকলচেলেঙভিমুখী ৰেল ২ খনৰ ২ টা দবাত গুলপীয়া ৰং সনা হৈছে । ইয়াৰোপৰি উত্তৰ পূবৰ কেইবাখনো ৰেলত ইতিমধ্যেই এই বিশেষ দবাটোৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।