কলগাছিয়াৰ, ৫ জুলাইঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ৰেডিয়ঞ্চ একাডেমীৰ ওচৰত থকা এখন দোকানত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়।  আনোৱাৰ হুছেইন নামৰ ব্যাক্তি এজনৰ দোকানত প্ৰথমে জুইৰ সূত্ৰপাত হয়। পথচাৰীয়ে পোন প্ৰথমে আনোৱাৰ হুছেইনৰদোকানত জুই প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত গাঁৱৰ ৰাইজ উপস্থিত হৈ জুই নুমাবলৈ চেষ্টা কৰে যদিও দোকানৰ ভিতৰত ৫ টাকৈ চিলিণ্ডাৰ থকা বাবেই ৰাইজে জুই নুমাবলৈ সক্ষম নহয়। লগে লগে কলগাছিয়া অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয় আৰু সময়মতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ দোকানত মজুত থকা গেছ চিলিণ্ডাৰ উলিয়াই আনে। অগ্নিনিৰ্ৱাপক বাহিনী সময়মতে উপস্থিত হোৱাৰ বাবে বৃহৎ ক্ষতি নহয় যদিও আনোৱাৰ হুছেইনৰ দোকানৰ সকলো সা-সামগ্ৰী ভষ্মীভূত হয়।