নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৬ ছেপ্টেম্বৰ : তিতাবৰৰ অসম নাগালেণ্ড সীমান্তৰ একাংশ সৃষ্টিশীল মহিলাৰ স্বাৱলম্বীতাৰ নিদৰ্শন।

কাংকান নামৰ এটা স্থানীয় আত্মসহায়ক গোটৰ উদ্যোগত কেইখনমান তাঁতশালৰ জৰিয়তে কৰ্মৰ পাতনি মেলা মহিলা সকলে দাঙি ধৰা স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন একাংশ মহিলাৰ বাবে এতিয়া আদৰ্শও হৈ পৰিছে ।

আজিৰ পৰা ৯ বছৰ আগতে অৰ্থাৎ ২০১০ চনত গড়াজানৰ ৰুমীনা মিপুন নামৰ মহিলা গৰাকীৰ নেতৃত্বত আৰম্ভ হৈছিল এটি মহিলা আত্মসহায়ক গোট। এই গোটটোৰ দ্বাৰাই সপোনে পোখা মেলিছিল মহিলাসকল স্বাৱলম্বী হোৱাৰ ।

আত্মসহায়ক গোটটোৰ পৰাই আৰম্ভ কৰা এই যাত্ৰাই বৰ্তমান পূৰ্ণতা লাভ কৰিছে। মহিলা সকলে প্ৰস্তুত কৰি উলিয়াইছে গামোচা, চেলেং, চাদৰ তথা বহু থলুৱা বস্ত্ৰ। প্ৰস্তুত কৰি উলিয়াইছে ৰুমাল, টঙালি, চোফা বেক, পৰ্দা, এৰি জেকেট, ষ্টল, মিছিং জনগোষ্ঠীয় সাজপাৰ আদিও।

চৰকাৰীভাবে বিশেষ সুবিধা লাভ নকৰাকৈয়ে আগুৱাই যোৱা এই সকল মহিলাসকলৰ এই কৰ্মদক্ষতাৰ স্বীকৃতিৰূপে শেহতীয়াকৈ ২০১৮ বৰ্ষৰ পৰা যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ জৰিয়তে এখন বয়ন শিল্পৰ আদৰ্শ গাঁও ৰূপে গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

এই শিল্পটোৰ লগত সম্প্ৰতি স্থানীয় বহুকেইটা আত্মসহায়ক গোটৰ প্ৰায় ১৩৫ গৰাকী মহিলা জড়িত হৈ পৰিছে। যাৰ ফলত মাত্ৰ ৯টা মাহতে ১১ লক্ষাধিক টকাৰ গামোচা বিক্ৰী কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এই সকল মহিলাই।

ইফালে ৰাজ্যৰ বজাৰত বহিৰাগত গামোচাই ভিৰ কৰাৰ বাবেই থলুৱা বস্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বুলিও অভিযোগ কৰিছে মহিলা সকলে।

উল্লেখযোগ্য যে পাহাৰীয়া অঞ্চল তথা দাঁতিকাষৰীয়া অঞ্চল সমূহৰ মহিলাই পূৰ্বতে পাহাৰৰ পৰা খৰি আনি বজাৰত বিক্ৰী কৰি দুৰ্বিসহ জীৱন নিৰ্বাহ কৰিব লগা হৈছিল যদিও সেই দিনবোৰক প্ৰত্যাহ্বান জনাই এতিয়া সীমান্তৰ এইসকল মহিলাই দাঙি ধৰিছে বয়ন শিল্পৰ জৰিয়তে স্বাৱলম্বীতাৰ নিদৰ্শন।