জনীয়া, সংবাদ ৩৬৫, ৪ আগষ্ট : শেহতীয়াকৈ ৰাজ্যত হৈ যোৱা প্ৰলয়ংকাৰী বানপানীয়ে কলগাছিয়া ৰাজহ চক্ৰৰ শতাধিক গাওঁ তছনচ কৰাৰ পিছত পানী কমাৰ লগে লগে বেকী নদীয়ে কেইবাখনো গাঁৱত আৰম্ভ কৰিছে বিধ্বংসী গৰাখহনীয়া।

সম্প্ৰতি চলচলীয়া গাঁৱত বেকী নদীৰ গৰাখহনীয়াৰ ফলত ৪৮ ঘন্টাৰ ভিতৰত আব্দুৰ ৰশিদ, জহিদুল ইছলাম আৰু আলা উদ্দিনৰ ঘৰ দুৱাৰ নদীত জাহ নিয়াৰ লগতে কেইবাটাও পৰিয়ালৰ শালি ধান আৰু মৰাপাটৰ খেতি উছন কৰাত এইদৰে চলচলীয়া বেঁকী নৈৰ পাৰত ৰাইজে গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

কালৰূপ ধাৰণ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি জেকনিকুৰা, মিনিশিমলা, চৰচৰীয়া, কৰুবাহা, কামাৰপাৰা আদি গাঁৱতো ত্ৰাসৰ সৃষ্টি কৰিছে। খহনীয়াগ্ৰস্ত লোকসকলে প্ৰতিবাদী আন্দোলনৰ জড়িয়তে ‘বেকী নদীৰ গৰাখহনীয়া ৰোধ কৰক, ‘ খহনীয়াত ক্ষতিগ্ৰস্থ পৰিয়ালক ক্ষতি পূৰণ দিয়াৰ ব্যৱস্থা কৰক আদি দাবীৰে উত্তাল কৰি তোলে ।