গুৱাহাটী, ৫ জুলাই, ২০২৩ : আম আদমি পাৰ্টীৰ পৰা নিলম্বন কমল কুমাৰ মেধিক (Kamal Kumar Medhi)। তিনি গগৈ সম্পৰ্কে বিতৰ্কিত মন্তব্য দি আম আদমি পাৰ্টীৰ পৰা নিলম্বন হ’ল কমল কুমাৰ মেধি। আম আদমি পাৰ্টীৰ কাৰ্যনিৰ্বাহক সভাত ক্ষমা খোজাৰ পিছত পুনৰ সামাজিক মাধ্যম ফেচবুকত মন্তব্য প্ৰকাশ কৰিছিল কমল কুমাৰ মেধিয়ে। ফলত আম আদমি পাৰ্টীয়ে নিলম্বন কৰে কমল কুমাৰ মেধিক।

এসময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত থাকি পৰৱৰ্তী সময়ত কংগ্ৰেছ দলত যোগদান কৰা আৰু ইয়াৰ পিছত আম আদমি পাৰ্টীৰ লগত জড়িত হৈ পৰা কমল কুমাৰ মেধিক মঙলবাৰে (৪ জুলাই) আম আদমি পাৰ্টীৰ পৰা নিলম্বন কৰা হয়। দলৰ নীতি আদৰ্শৰ বিৰুদ্ধে যোৱাৰ অভিযোগত কমল কুমাৰ মেধিক আপৰ পৰা নিলম্বন কৰা হয় বুলি আম আদমি পাৰ্টীৰ ফালৰ পৰা জানিবলৈ দিয়া হয়। দল নীতি আদৰ্শ ভংগ কৰাৰ অপৰাধৰ মঙলবাৰে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ আপৰ পৰা কমল কুমাৰ মেধিক নিলম্বন কৰা হয়।

উল্লেখ্য যে কিছুদিন ধৰি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ, শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলি আছে। তিনি গগৈ একত্ৰিত হোৱা বুলি চৰ্চা চলি থকা মাজতে বিজেপি আৰু এ আই ইউ ডি এফয়ে তিনিওকে আক্ৰমণ চলাই থকা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে আম আদমি পাৰ্টীৰ নেতা কমল কুমাৰ মেধিয়ে তিনি গগৈক লৈ এক বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছিল।

তিনি গগৈ সন্দৰ্ভত কমল কুমাৰ মেধিৰ মন্তব্যক লৈ আম আদমি পাৰ্টীয়ে অসন্তুষ্টি প্ৰকাশ কৰাত কলম কুমাৰ মেধিয়ে আম আদমি পাৰ্টীৰ কাৰ্যনিৰ্বাহক সভাত ক্ষমা খোজিছিল। ইয়াৰ পিছত পুনৰ কমল কুমাৰ মেধিয়ে ফেচবুকত বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে আম আদমি পাৰ্টীয়ে দলৰ নীতি আৰু আদর্শৰ বিৰুদ্ধে যোৱাৰ অভিযোগত কমল কুমাৰ মেধিক দলৰ পৰা তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰে।

দলৰ পৰা নিলম্বন হোৱাৰ পিছতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কুমাৰ মেধিয়ে কয় “মই আনুষ্ঠানিক পত্ৰ লাভ কৰা নাই, মই ফেচবুকৰ জৰিয়তে মোক নিলম্বন কৰা বুলি জানিবলৈ পাওঁ। মই অতি শীঘ্ৰে কেন্দ্ৰীয় নেতৃত্বক লিখিতভাৱে কথাটো অৱগত কৰিম। সংবাদ মাধ্যমত তিনি গগৈ সৰ্ম্পকত কৰা মন্তব্য সৰ্ন্দভত মই ইতিমধ্যে দলীয় মঞ্চত ক্ষমা খুজিছো। তাৰ পিছতো শ্ব’কজ নকৰাকৈ মোক নিলম্বন কৰিছে ৰাজ্যিক সভাপতি ভবেন চৌধুৰীয়ে। নিশ্চয় কোনো শক্তিশালি ব্যক্তিৰ তাগিদাত তেওঁ এই কাম কৰিছে।’’