গুৱাহাটী, ২০ ডিচেম্বৰ, ২০২৪ : জালুকবাৰী আৰু ডিমৰীয়াৰ পিছত শুকুৰবাৰে নিউ গুৱাহাটী সমজিলাৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত হয় কামৰূপ মহানগৰ (Kamrup Metro) জিলা পৰিবহণ বিভাগৰ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” শীৰ্ষক কাৰ্যসূচী। পুৱাৰ ভাগত সমজিলাৰ কাৰ্যালয় চৌহদত বন্তি প্ৰজ্বলনেৰে পৰিবহণ বিভাগৰ এই ব্যতিক্ৰমী কাৰ্যসূচী মুকলি কৰে কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত সাত্তাৱানে৷ বন্তি প্ৰজ্বলন আৰু সেৱা কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কামৰূপ মহানগৰ জিলাৰ উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, সমজিলাৰ আয়ুক্ত প্ৰিয়াংশু ভৰদ্বাজ, অতিৰিক্ত আয়ুক্ত (পৰিবহণ) অজিত কুমাৰ শৰ্মা, অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক চিন্ময় প্ৰকাশ ফুকন, সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী আঞ্চলিক পৰিবহণ সচিব তামচিন আফটাব, পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস আৰু এডিচিপি মৃন্ময় গোস্বামী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল৷

পৰিবহণৰ জনসেৱা কাৰ্যসূচী মুকলি কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে নতুন বাহন ক্ৰয় কৰাৰ পিছত নথিপত্ৰ প্ৰস্ততৰ বাবে এতিয়া কোনো লোক পৰিবহণ বিভাগৰ কাৰ্যালয়লৈ যাব নালাগে। ঘৰতে বহি অনলাইনযোগে সকলো কাম সমাধা কৰাৰ বাবে অসম চৰকাৰে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে৷ সামাজিক মাধ্যম ব্যৱহাৰৰ অভিজ্ঞতা থকাসকলে এতিয়া যানবাহন বিষয়ক ৫৫ টাতকৈয়ো অধিক সেৱা ঘৰত বহিয়ে লাভ কৰিব পৰা হৈছে৷ সেয়ে যিসকল লোকে এতিয়াও এই সেৱাসমূহ বিভিন্ন কাৰণত ঘৰতে বহি লাভ কৰিব পৰা নাই তেওঁলোকক পৰিবহণ বিভাগে গ্ৰহণ কৰা জনসেৱা কাৰ্যসূচীৰ সুবিধা লাভ কৰি যানবাহনৰ নথিপত্ৰ আৰু কৰ পৰিশোধ বিষয়ক সমস্যাৰ সমাধান কৰি ৰাজপথত সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়৷ অনুষ্ঠানত উপস্থিত থাকি পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া তথা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় যে গুৱাহাটী মহানগৰীত কামৰ পৰিসৰ বৃদ্ধি পোৱা বাবে চৰকাৰে এতিয়া প্ৰশাসন যন্ত্ৰক ৰাইজৰ ওচৰলৈ লৈ গৈছে, চাৰিখনকৈ সমজিলা মুকলি কৰি দিছে। কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়েও কাম-কাজসমূহ ৰাইজৰ মাজলৈ আগবঢ়াই নি ৰাইজক সকাহ দিয়াৰ লক্ষ্য স্থিৰ কৰিছে।

অনুজ্ঞাপত্ৰ নৱীকৰণ, কৰ পৰিশোধ, ফিটনেছ-পাৰ্মিট আদি সঠিক কৰাত কিবা অসুবিধাৰ সন্মুখীন হোৱা আসোঁৱাহ দূৰীকৰণৰ বাবে পৰিবহণ বিভাগে এই কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। অনুষ্ঠানত উপস্থিত থাকি জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসে বনভোজকে ধৰি নৱবৰ্ষ উদযাপনৰ সময়চোৱাত কোনোৱে যাতে যানবাহন আইন উলংঘা কৰি আনন্দময় পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰবাবে মহানগৰীত দিনে-নিশাই তালাচীৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে। উল্লেখ যোগ্য যে “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” শীৰ্ষক কাৰ্যসূচীত যানবাহন পৰিদৰ্শক পূৰ্ণিমা তাছাৰ নেতৃত্বত পৰিবহণৰ সহায়কাৰী বিষয়াৰ এটি দলে নিউ গুৱাহাটী সমজিলাৰ ব্যক্তিগত, বাণিজ্যিক আদি বিভিন্ন বাহনৰ নথিপত্ৰ বিষয়ক কেইবা শতাধিক ওজৰ আপত্তিৰ নিষ্পত্তি তথা বিভিন্ন সমস্যাৰ তাৎক্ষণিকভাৱে সমাধান কৰে। এই কাৰ্যসূচী অহা ২৭ ডিচেম্বৰতো নিউ গুৱাহাটী সম জিলাত উপলব্ধ হ’ব।