যোৰহাট, ৩ জুলাইঃ যোৰহাটৰ ঢেকীয়াজুলি মাজগাঁৱত এটা সদ্যোজাত শিশু উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, এটা মোনাত পৰিত্যক্ত অৱস্থাত সদ্যোজাত কন্যা শিশুটো  উদ্ধাৰ কৰা হয়৷ কোনো লোকে শিশুটোক খেৰেৰে মেৰিয়াই মোনাৰ ভিতৰত ভৰাই এখন বাঢ়নীৰ জেওৰাত ওলমাই থৈ যায়৷ বৰ্তমান শিশুটোক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। সদ্যোজাত শিশুটোৰ পৰিচয় আৰু পৰিত্যক্ত অৱস্থাত এৰি থৈ যোৱাক লৈ অঞ্চলটোত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে৷