লখিমপুৰ, ৩ আগষ্টঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ উপ সভাপতি ৰাহুল গান্ধীয়ে দুপৰীয়া লখিমপুৰ জিলাৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰে৷ ৰাহুল গান্ধীয়ে আমতলাৰ জৈনপুৰ আৰু বগলীজানত  উপস্থিত হৈ নাৱেৰে ৰঙানদীৰ বানত হোৱা ক্ষয় ক্ষতিৰ বুজ লয়। তেওঁ বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰাপ্যৰ বাবে যুঁজ দি যাব বুলি মন্তব্য কৰে। উল্লেখ্য যে, কংগ্ৰেছৰ উপ সভাপতি ৰাহুল গান্ধীয়ে কেৱল মাত্ৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিয়েই আঁতৰি যোৱাত বানাক্ৰান্ত ৰাইজে তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷ ৰাহুল গান্ধীৰ লগত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈ, ভূপেন বৰা, লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি ডঃ জয়প্ৰকাশ দাসে বানাক্ৰান্ত অঞ্চলসমূহ পৰিভ্ৰমণ কৰে৷