সৰদাৰ সিঙ আৰু পেৰা এথেলিট দেৱেন্দ্ৰ ঝাঝাৰিয়াক খেলৰত্ন আৰু ক্ৰিকেটাৰ ছেতেশ্বৰ পুজাৰা আৰু হৰমন সিঙ কৌৰক অৰ্জুন বঁটাৰ কাৰণে নিৰ্বাচিত

অনলাইন ডেস্ক সংবাদ ৩৬৫, ৩ আগষ্টঃ ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক সৰদাৰ সিঙ আৰু পেৰা এথেলিট দেৱেন্দ্ৰ ঝাঝাৰিয়াক দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰৰ কাৰণে নিৰ্বাচিত কৰা হৈছে৷ আনহাতে ভাৰতীয় ক্ৰিকেট দলৰ বেটছমেন ছেতেশ্বৰ পুজাৰা আৰু মহিলা দলৰ হৰমন সিঙ কৌৰৰ লগতে ১৭ জনক অৰ্জুন পুৰস্কাৰৰ কাৰণে নিৰ্বাচিত কৰা হৈছে৷ ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰ আৰু অৰ্জুন পুৰস্কাৰ আয়োজক সমিতিয়ে এই তথ্য সদৰি কৰে৷ উল্লেখ্য যে, পেৰা এথেলিট দেৱেন্দ্ৰ ঝাঝাৰিয়াই ২০১৬ ৰিঅ’ অলিম্পিকত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷ সৰদাৰ সিঙে দীঘলীয়া সময় ভাৰতৰ হকী দলৰ নেতৃত্ব বহন কৰিছিল৷ সৰদাৰ সিঙৰ নেতৃত্বত হকী দলে কমনৱেলথ গেমছত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷ হকী ৱৰ্ল্ড লীগত ব্ৰঞ্জৰ পদক লাভ কৰা দলটোৰ অধিনায়কো সৰদাৰ সিঙ আছিল৷ অৱশ্যে ৰিঅ’ অলিম্পিকত সৰদাৰ সিঙক অধিনায়কৰ পদৰ পৰা আতৰোৱা হৈছিল৷ সৰদাৰ সিঙক ২০১৫ বৰ্ষত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল৷ আনহাতে ভাৰতীয় ক্ৰিকেট দলৰ বেটছমেন তথা মিষ্টাৰ ডিপেণ্ডেবল খ্যাত ছেতেশ্বৰ পুজাৰা আৰু মহিলা বিশ্বকাপৰ ষ্টাৰ ক্ৰিকেটাৰ হৰমন সিঙ কৌৰক অৰ্জুন পুৰস্কাৰৰ কাৰণে নিৰ্বাচিত কৰা হৈছে৷ ইয়াৰ লগতে পেৰা এথেলিট মৰিয়াপ্পন থংগবেলু আৰু বৰুণ ভাট্টী গ’ল্ফাৰ এছএছপী চৌৰাচিয়া, বক্সিং দ্ৰেবেন্দ্ৰ সিং, মল্লযুজাৰু সত্যব্ৰত, টেনিছ খেলুৱৈ এন্থনী অমলৰাজ, সাকেট মেনেনী, শ্বুটাৰ প্ৰকাশ তজপ্পা, দৌৰবিদ খুচবীৰ, ৰাজীৱ অৰৌকিয়াক অৰ্জুন বঁটাৰ কাৰণে নিৰ্বাচিত কৰা হৈছে৷