অনলাইন ডেস্ক সংবাদ ৩৬৫, ৩০ মেঃ ভাৰতবর্ষখন বিভিন্ন ধৰ্ম, ভাষা, জাতি, উপজাতিৰ বাসস্থান হোৱাৰ লগতে ইয়াৰ একতা আৰু সম্প্ৰীতিৰ এনাজৰী সমগ্ৰ বিশ্বতে বিৰল। অনৈকতাৰ মাজত থকা ঐক্যতাই ভাৰতবৰ্ষৰ এক অন্যতম বৈশিষ্ট্য বুলি ক’ব পাৰি। এটা ধৰ্মৰ প্ৰতি আনটো ধৰ্মই সন্মান প্রদর্শন কৰা ভাৰতৰ এক পৰম্পৰা। এই পৰম্পৰাক এইবাৰ আগুৱাই লৈ যাবলৈ আগবাঢ়ি আহিছে কাৰাবন্দীসকল। জেলৰ ভিতৰতে সম্প্ৰীতিৰ এনাজৰীডাল অধিক মজবুত কৰাৰ উদ্দেশ্যে মুছলমান কাৰাবন্দীসকলৰ সৈতে পবিত্ৰ ৰমজান মাহৰ ৰোজা পালন কৰিছে হিন্দু কাৰাবন্দীসকলে। মুজাফৰ নগৰৰ জিলা কাৰাগাৰত হিন্দু-মুছলমান দুয়োটা সম্প্ৰদায়ৰ কাৰাবন্দীসকলে পালন কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকৰ ৰোজা। চলিত মাহৰ ২৮ তাৰিখৰ পৰা আৰম্ভ হৈছে ৰমজান মাহ। এই পবিত্ৰ মাহত ইছলাম ধৰ্মাৱলম্বী লোক সকলে সূৰ্য্যোদয়ৰ পৰা সূৰ্য্যস্ত পর্যন্ত পানী তথা কোনো ধৰণৰ খাদ্য গ্ৰহণ নকৰে। সূৰ্য্যস্তৰৰ পিছত গ্ৰহণ কৰা খাদ্যক ইফটাৰ বুলি কোৱা হয়। এই কাৰাগাৰত মুঠ ১,১৭৪ জন মুছলমান কাৰাবন্দী থকাৰ উপৰি ৩২ জন হিন্দু কাৰাবন্দী আছে। এই মুছলাম কাৰাবন্দীসকলৰ লগতে হিন্দু কাৰাবন্দীসকলে সম্পূৰ্ণ ইছলাম ধৰ্মৰ ৰীতি মতে ৰোজা পালন কৰি সূৰ্য্যস্তৰ পিছত ইফটাৰ গ্ৰহণ কৰে। কাৰাগাৰত ৰমজান মাহৰ প্ৰতি লক্ষ্য ৰাখি কাৰাবন্দীসকলক ইফটাৰৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে। প্ৰতিদিনে ইফটাৰ বাবে কাৰাবন্দীসকলক গাখীৰ আৰু ফল যোগান ধৰা হৈছে।