অনলাইন ডেস্ক সংবাদ ৩৬৫, ৩০ মেঃ বাবৰি মছজিদ ধ্বংস গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে বিজেপিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানী সহিতে ১২ জন অভিযুক্তক দোষী সাব্যস্ত কৰে৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্নৌ বেঞ্চে আদৱানী সহিতে প্ৰাক্তন কেন্দ্ৰীয় শিক্ষামন্ত্ৰী মুৰলি মনোহৰ যোশী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, বিনয় কটিয়াৰ, সাধী ঋতভৰা, বিষ্ণু হৰি, ডালমিয়া, ধৰ্মদাস মহতৰ লগতে মুঠ ১২ জনক অপৰাধীক ষড়যন্ত্ৰ কৰাৰ গোচৰত অভিযুক্ত কৰিছে৷ লক্ষ্নৌ বেঞ্চে বৰ্তমান উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কল্যান সিংক ৰাজস্থানৰ ৰাজ্যপাল পদৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত সংবিধান অনুসৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে৷ লগতে প্ৰত্যেক জন অভিযুক্তক তেওঁলোকৰ ওপৰত থকা দোষ নাকচ কৰাৰ কাৰণে আপীল কৰাৰ সুবিধা দিছে৷ উল্লেখ্য যে, বাবৰী মছজিদ ধ্বংসৰ পৰিকল্পনা, ২ টা ধৰ্মৰ লোকৰ মাজত সংঘৰ্ষৰ সৃষ্টি কৰা, ধৰ্মীয় অনুভূতিত আঘাত হনা, দেশৰ একতাত আঘাত হনা আদি গোচৰত বিজেপিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানী সহিতে কেইবাজনো অভিযুক্তৰ বিৰূদ্ধে গোচৰ ৰুজু কৰা হৈছিল৷ বাবৰী মছজিদ ধ্বংসৰ অপৰাধীক পৰিকল্পনা কৰাৰ বাবে এই গোচৰৰ বিচাৰ আদৱানী আৰু মুৰলী মনোহৰ যোশীৰ বিৰুদ্ধে লক্ষ্মৌত চিবিআইৰ বিশেষ আদালতত হ’ব বুলি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ঘোষণা কৰিছিল৷ উক্ত গোচৰৰ বিচাৰ ২বছৰৰ ভিতৰত সমাপ্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে এই বিশেষ আদালতক নিৰ্দেশ দিয়ে৷ কিন্তু এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্নৌ বেঞ্চে অভিযুক্তসকলৰ দোষী সাব্যস্ত কৰাৰ আগতে চিবিআইৰ বিশেষ আদালতে অভিযুক্ত আটাইকেইগৰাকীয়ে গাইপতি ২০ হাজাৰ টকাৰ বিনিময়ত আগ্ৰিম জামিন দিয়াত দোষ সাব্যস্ত হোৱাৰ পিছতো তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পৰা নাযাব৷