মানকাচাৰ, ৩০ মেঃ দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ উপায়ুক্ত কৰুণা কুমাৰীক জিলাখনৰ পৰা বদলি কৰাৰ দাবীত ৰূপায়ন কৰা আমৰণ অনশন কাৰ্যসূচী দ্বিতীয় দিনাও অব্যাহত আছে৷  প্ৰশাসনে প্ৰতিবাদকাৰী সকলৰ প্ৰতি এলাগী মনোভাৱ পোষণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ প্ৰতিবাদস্থলীত নাই কোনো চিকিৎসাৰ ব্যৱস্থা, তথা ১০৮ এম্বুলেঞ্চ সেৱা৷  প্ৰথম দিনাৰ প্ৰতিবাদৰ পিছত ৯ জনকৈ অনশনকাৰী অসুস্থ হৈ পৰাৰ পিছতো প্ৰশাসনৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে৷ প্ৰশাসনৰ বিৰূপ মনোভাৱক কেন্দ্ৰ কৰি অনশন স্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ক্ষুন্ন প্ৰতিবাদকাৰীসকলে উপায়ুক্তক বদলি নকৰালৈকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ দিয়ে৷