বৰহাট, ১৬জুনঃ চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱাছালি মৌজাৰ বিভিন্ন প্ৰান্তত অবাধ গতিত বৃদ্ধি পাইছে চুলাই মদ তৈয়াৰ কৰা লালি গুড়ৰ বেহা।‌ চুলাই মদ প্ৰস্তুত কৰা লালি গুড়ৰ অবৈধ প্ৰচলনে অঞ্চলটোৰ সামাজিক পৰিৱেশ লগতে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় লোকৰ অভিযোগ কৰা মতে পুলিচ প্ৰশাসনৰ সন্মুখেৰে দিন দুপৰতে নিতৌ বৃদ্ধি পাব ধৰিছে বৰহাটত চুলাই মদৰ ৰমৰমীয়া বেহা।‌ এচাম অসাধু চক্ৰই লালি গুড় যোগান ধৰি চুলাই মদৰ বেহা দ্ৰুতগতিত বৃদ্ধি কৰি সামাজিক পৰিৱেশ বিনষ্ট  কৰাৰ লগতে শৈক্ষিক পৰিৱেশ নষ্ট কৰি অঞ্চলবাসীক মৃত্যু মুখলৈ ঠেলি দিছে।‌  দৈনিক ট্ৰাক ভৰ্তি অথবা ৰেলেৰে বহিঃৰাজ্যৰ পৰা বৃহৎ পৰিমাণে লালি গুড় আমদানি কৰি গাঁৱে গাঁৱে যোগান ধৰি অহা প্ৰত্যক্ষ কৰিও ধৃতৰাষ্টৰ ভূমিকা পালন কৰিছে স্থানীয় পুলিচ প্ৰশাসনে।‌ স্থানীয় লোকে ব্যৱসায়ী সকলে আৰক্ষীৰে গোপন বুজাবুজিৰে ব্যৱসায় পৰিসৰ বৃদ্ধি কৰা বুলি জানিবলৈ দিয়ে।