কাজিৰঙা, ৭ জুলাইঃ  বানৰ কৱলত ককবকাই থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা বন্যপ্ৰাণীৰ ওপৰত দৃষ্টি ৰাখিবলৈ উৰিল দ্ৰোণ। বানৰ কৱলত পৰা ৰাষ্টীয় উদ্যানখনত থকা বন্যপ্ৰাণী সুৰক্ষিত আছে নে নাই ইয়াৰ বাবে দ্ৰোণৰ সহায় লৈছে গোলাঘাট আৰক্ষী আৰু বনবিভাগে। উদ্যানখনৰ কঁহৰা, বাগৰি, বুঢ়াপাহাৰ, অগৰাতলি, আৰু উত্তৰপাৰ বনাঞ্চলৰ ওপৰত দৃষ্টি ৰাখিব তিনিখনকৈ দ্ৰোণ। এই তিনিওখন দ্ৰোণ ২০০০ ফুট উচ্চতাত ৫ কিলোমিটাৰ পৰ্যন্ত অবিৰাম গতিত আধা ঘণ্টাকৈ উৰিব পৰা ক্ষমতা সম্পন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ ডি এফ অ ৰোহিনী বল্লভ শইকীয়াই জানিবলৈ দিয়ে যে বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানখনৰ জলস্তৰ নিম্ন গামী হৈছে আৰু পানীত পৰি দুটাকৈ পহুৰ মৃত্যু হৈছে। কাজিৰঙাত ব্যৱহাৰ কৰা এই তিনিওটা দ্ৰোণৰ জৰিয়তে বন্যপ্ৰাণীৰ ওপৰত দৃষ্টি ৰখাৰ লগতে চোৰাং চিকাৰীৰ ওপৰতো চোকা দৃষ্টি ৰখা হব।