চৰাইদেউ, ৮ জুলাইঃ সম্প্ৰতি ৰাজ্যৰ ৩৭ নম্বৰ আৰু ৫২ নম্বৰকে ধৰি অন্যান্য মূল ৰাষ্ট্রীয় ঘাইপথ সমূহ জৰাজীৰ্ণ হৈ যাতায়তৰ অনুপযোগী হৈ পৰিছে। অসমৰ এই ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ দুৰৱস্থাই প্ৰকৃততে বিকাশ, উন্নয়ণ আৰু নিকা প্ৰশাসনৰ ঢাক-ঢোল বজাই থকা বিজেপি শাসিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে । এই ভাষ্য অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰঞ্জন উপাধ্যায় আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয় যে সম্প্ৰতি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহ দুৰৱস্থাই যাতায়তৰ অনুপযোগী হোৱাত ৰাইজে ব্যাপক দুৰ্ভোগ ভূগিবলগীয়া হৈছে। চৰকাৰৰ অমনোযোগিতা আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিয়াগোম দুৰ্নীতি- কেলেংকাৰীৰ পৰিণতি সাধাৰণ জনতাই ভূগিবলগীয়া হৈছে । ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ অসমৰ মূল ৰাষ্ট্রীয় ৩৭নং ঘাইপথটো ফৰলেনযুক্ত কৰাৰ কাম নগাঁওলৈকে সম্পূৰ্ণ কৰা হৈছে যদিও নগাঁৱৰ পৰা তিনিচুকীয়ালৈকে অতি জৰাজীৰ্ণ অৱস্থাত আছে । ফৰলেনলৈ উন্নীত কৰাৰ অজুহাতত এই ঘাইপথ বহুবছৰৰ পৰা তিলমানো মেৰামতি নকৰাৰ ফলত ৩৭নং ঘাইপথৰ উক্ত অঞ্চলসমূহত বৃহৎ গাঁত সৃষ্টি হৈ যাতায়তৰ বাবে দূৰ্গম হোৱাৰ লগতে সঘনাই দুৰ্ঘটনা সংঘটিত হৈছে । বিভাগীয় নিয়ম অনুসৰি এটা ৰাষ্ট্ৰীয় ঘাইপথ ফৰলেনলৈ উন্নীতকৰণৰ কাম চলি থাকিলেও বাকী পথছোৱা মেৰামতি কৰি যাতায়তৰ সূচল কৰি ৰখাৰ ক্ষেত্ৰত নিৰ্মাতাৰ দায়বদ্ধতা থাকিব লাগে। কিন্তু ৩৭নং ঘাইপথটোৰ নগাঁৱৰ পৰা তিনিচুকীয়ালৈকে পথছোৱা কোনো কৰ্তৃপক্ষই মেৰামতিৰ ব্যৱস্থা কৰা নাই । সেইদৰে উত্তৰপাৰৰ ৫২নং ৰাষ্ট্রীয় ঘাইপথৰ লগতে অন্যান্য ঘাইপথৰ অৱস্থা তথৈবচ। কেৱল উন্নয়নৰ ঢাক-ঢোল বজাই সভা-সমিতি আয়োজন কৰা, বৰ বৰ বিজ্ঞাপন দিয়া আৰু টিভি ষ্টুডিঅ’ত বিকাশ কৰা বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্যৰ দুয়োখন চৰকাৰেই জনসাধাৰণৰ এই দুৰ্ভোগৰ ক্ষেত্ৰত উদাসীন । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে চৰকাৰৰ এনে অকৰ্মণত্যা আৰু উদাসীনতাক তীব্ৰ গৰিহণা দিয়ে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতাদ্বয়ে চৰকাৰৰ এই উদাসীনতাৰ প্ৰতিবাদ আৰু অতি শীঘ্ৰে ৩৭নং ৫২নংকে আদি কৰি ৰাজ্যৰ অন্যান্য জৰাজীৰ্ণ ঘাইপথ সমূহ মেৰামতিৰ দাবীত অহা ১০ জুলাইত পৰিষদে দুইঘন্টীয়া ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰিব। কাৰ্যসূচী অনুসৰি ৰাষ্ট্রীয় ঘাইপথ সমূহৰ জৰাজীৰ্ণ অঞ্চল সমূহত পৰিষদৰ সংশ্লিষ্ট জিলা সমিতি সমূহে ২ ঘন্টাৰ বাবে ৰাইজৰ সহযোগত ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি বিভাগীয় কৰ্তৃপক্ষক স্মাৰক-পত্ৰ প্ৰদান কৰিব। এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতো চৰকাৰে শীঘ্ৰে ৰাষ্ট্রীয় ঘাইপথ সমূহ মেৰামতিৰ ব্যৱস্থা নকৰিলে অনাগত দিনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াতকৈও অধিক কঠোৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সঁকিয়াই দিয়ে ।