সোণতলী, ৭ জুলাইঃ দক্ষিণ কামৰূপৰ সোণতলীত বিধ্বস্ত যাতায়ত ব্যৱস্থা। জনপ্ৰতিনিধি নাইবা বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতিত ৰাইজে গাঁঠিৰ ধন খৰচ কৰি যাতায়ত সুবিধাৰ্থে নিৰ্মান কৰিলে বাঁহৰ সাঁকো। নগৰবেৰাৰ পৰা সোণতলী হৈ গুৱাহাটী লৈ যোৱা একমাত্ৰ পথটো নিৰ্মানৰ ছয়মাহ পিছতেই ভাঙি যায়৷ পথটোৰ গাতত পৰি বহু ছাত্ৰ-ছাত্ৰী, ৰোগী তথা সৰ্বসাধাৰণ দুৰ্ঘটনাগ্ৰস্থ হৈছে৷ সামান্য বৰষুণতে পথটোত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। স্থানীয় ৰাইজে ঠিকাদাৰৰ লগতে গড়কাপ্তানি বিভাগক পথটো মেৰামতি কৰাৰ বাবে বাৰম্বাৰ অনুৰোধ কৰে  যদিও বিভাগীয় কৰ্তৃপক্ষৰ দ্বায়িত্বহীনতাত উপায়ন্তৰ ৰাইজে নিৰ্মান কৰিলে এখন বাঁহৰ সাঁকো৷ সোণতলীৰ পৰা নগৰবেৰালৈ যোৱাৰ একমাত্ৰ পথটোৰ ভখুৰাদিয়াত বানৰ সোতে সাঁকোখন খহাই নিয়ে৷ ফলত গাওঁ খনৰ ৰাইজে পুনৰ গাঁঠিৰ ধন খৰচ কৰি বাঁহৰ সাঁকো নিৰ্মান কৰে৷ বিভাগটোৰ লগতে ঠিকাদাৰক এই পকী পথটো মেৰামতি কাৰণে স্হানীয় ৰাইজে বহুবাৰ অৱগত কৰে যদিও কোনো সু-ফল লাভ কৰা নাই। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা বৃহত্তৰ সোণতলী প্ৰায়বোৰ পথ ভাঙি বিধ্বস্ত হৈ পৰিছে। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ এনে গাফিলতিৰ সময়ত সোণতলীবাসীৰ এই প্ৰচেষ্টা সকলোৰে কাৰণে আদৰ্শ হওঁক।