গুৱাহাটী, সংবাদ ৩৬৫, ১৮ আগষ্ট : মহানগৰীৰ লখৰাৰ পৰা সন্ধানহীন এগৰাকী পলাশবাৰী নহিৰা দোকানীপাৰাৰ যুৱতী । পৰিয়ালৰ লোকে জনোৱা অনুসৰি নিৰলা কলিতা(৪০) নামৰ যুৱতীগৰাকী কৰ্মসুত্ৰে প্ৰায় ৯ বছৰ ধৰি গুৱাহাটীৰ লখৰা শেনমেলা গাওৰ পিতাম্বৰ দাসৰ ভাৰাঘৰত ভাৰাতীয়া হিচাপে থাকি লখৰাস্থিত গডৰেজ কোম্পানীত কৰ্মৰত আছিল ।

যোৱা ৫ আগষ্টত ভাৰাঘৰৰ মালিকক বাইদেউ-ভিনদেউৰ ঘৰত যাম বুলি ৰাতিপুৱা ভাৰাঘৰৰ পৰা ওলাই আহে কিন্তু ভাৰাঘৰলৈ উভতি নোযোৱাত যোৱা ১০ আগষ্টত মালিক পক্ষই যোগাযোগ কৰাত মোবাইল ফোনতো বন্ধ হৈ থকা পাই ।

এই সন্দৰ্ভত পৰিয়ালৰ লোকে ইতিমধ্যে গড়চুক আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে । যদি কোনো লোকে যুৱতীগৰাকীৰ কিবা সন্ধান লাভ কৰে তেন্তে ৮৪৮৬০-১৮২১৫ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে পৰিয়ালৰ লোকে ।