বৰহাট, ২৪ জুলাইঃ চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ ব্লেকপন্থাৰ এটা দলে টাইপাৰ নেতাক শাৰীৰিক প্ৰহাৰ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি, টাইপাৰ বৰহাট আঞ্চলিক সমিতিৰ সাংগঠনিক সম্পাদক ধমেন চাংমায়ে বৰহাট সাপ্তাহিক বজাৰৰ পৰা গাড়ীৰে গৈ থকা অৱস্থাত অসামৰিক পোচাকত থকা ব্লেকপন্থাৰ এটা দলে আক্ৰমণ কৰে৷ ব্লেকপন্থাৰ দলটোৱে মাজৰাস্তাত গাড়ী ৰখাই চাংমাইক বুকুত ধৰি চোঁচৰাই আনি পোছাক ফালি অশ্লীন গালি-গালাজ কৰাৰ লগতে শাৰিৰীক ভাবে প্ৰহাৰ কৰে৷ স্থানীয় ৰাইজ তথা প্ৰত্যক্ষদৰ্শীৰ লগতে টাইপাৰ বৰহাট আঞ্চলিক সমিতিয়ে ব্লেকপন্থাৰ এই কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিছে৷ তেওঁলোকে সমগ্ৰ ঘটনাক যোৱা ২২ মে’ত ব্লেকপন্থাৰ এটা দলে যি তালিবানী প্ৰথাৰে আটাছু নেতাক বৰ্বৰতাৰ আক্ৰমণ কৰিছিল, সেই ঘটনাৰে পুনৰাবৃত্তি বুলি অভিযোগ কৰিছে ।