ডিব্ৰুগড়, ৭ জানুৱাৰী ২০২৪ : ডিব্ৰুগড়ত অনুষ্ঠিত “খেল’ ইণ্ডিয়া মহিলা কিকবক্সিং লীগ”ত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ক্ৰীড়াক্ষেত্ৰত নাৰীশক্তিৰ নিৰৱচ্ছিন্ন উত্থান হোৱা বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ডিব্ৰুগড়ত অনুষ্ঠিত “খেল’ ইণ্ডিয়া মহিলা কিকবক্সিং লীগ”ত দেওবাৰে উজ্জীৱিত খেলুৱৈসকলক লগ পাই আপ্লুত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

দেওবাৰৰ অনুষ্ঠানত খেলসমূহ উপভোগ কৰাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে খেলুৱৈসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু তেওঁলোকক অভিনন্দন, শুভেচ্ছা জনাই উৎসাহিত কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, “সমগ্ৰ ভাৰতত এতিয়া খেলৰ এক শক্তিশালী আৰু উজ্জীৱিত বাতাৱৰণৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ শাসনভাৰ লোৱাৰ পৰাই দেশৰ ক্ৰীড়াক্ষেত্ৰখনে যথেষ্ট গতিশীলতা লাভ কৰিছে। অলিম্পিক, এছিয়ান গেমছ, বিশ্ব চেম্পিয়নশ্বিপকে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতৰ খেলুৱৈসকলৰ প্ৰদৰ্শন অধিক শক্তিশালী হৈছে আৰু পদক তালিকাতো ভাৰতৰ সুনাম বৃদ্ধি পাইছে।

খেল’ ইণ্ডিয়া, টাৰ্গেট অলিম্পিক প’ডিয়াম, ফিট ইণ্ডিয়া আদি বিভিন্ন দূৰদৰ্শী ক্ৰীড়া পদক্ষেপৰ জৰিয়তে ত্বৰান্বিত কৰা হৈছে ক্ৰীড়া পৰিৱেশ। এতিয়া দেশৰ সকলো প্ৰান্তৰ, ভিতৰুৱা অঞ্চলৰ ল’ৰা-ছোৱালীয়েও তেওঁলোকৰ প্ৰতিভা আৰু পাৰদৰ্শিতা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে। খেল’ ইণ্ডিয়া মহিলা কিকবক্সিং লীগতো খেলুৱৈসকলৰ অদম্য মনোবল, খেলুৱৈসুলভ স্পৃহা আৰু দুৰন্ত প্ৰদৰ্শনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত দেশজুৰি সূচনা হোৱা ক্ৰীড়াৰ অনন্য পৰিৱেশক প্ৰতিফলিত কৰিছে। ক্ৰীড়াক্ষেত্ৰত নাৰীশক্তিৰ নিৰৱচ্ছিন্ন উত্থানে অগণন ছোৱালীক খেলজগতত ন-উদ্যমেৰে মনোনিৱেশ কৰিবলৈ উদ্বুদ্ধ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয়।

খেলে খেলুৱৈসকলৰ লগতে দেশক দিছে এক অনন্য পৰিচয় বুলি মন্তব্য প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “২০১৬ চনৰ পৰাই অসমৰ ক্ৰীড়া জগতকো যথেষ্ট শক্তিশালী কৰি তোলা হৈছে, যাৰ ফলত ৰাজ্যখনৰ পৰা সৃষ্টি হৈছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় মানৰ বহু নতুন নতুন খেলুৱৈ। বিভিন্ন প্ৰকল্পৰে ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণতো গুৰুত্ব আৰোপ কৰিছে বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰে। সমগ্ৰ দেশৰ