গুৱাহাটী, ৮ জানুৱাৰী, ২০২৪ : “ভাৰত জোড়ো ন্যায় যাত্ৰা”ৰ অসমৰ কাৰ্যসূচীত সম্পূৰ্ণ সহযোগিতা কৰিব ১৫ টা বিৰোধী দলে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ (Rahul Gandhi) নেতৃত্বত ১৮ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈকে অসমৰ আমগুৰি সমষ্টিৰ পৰা আৰম্ভ হৈ বক্সিৰহাটত সামৰণি পৰিবলগীয়া এই জনজাগৰণ যাত্ৰাত বিৰোধী ঐক্যমঞ্চৰ ১৫ টা দলে কংগ্ৰেছক সম্পূৰ্ণৰূপে সহায়-সহযোগিতা কৰিব।

৭ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত আটাইকেইটা ৰাজনৈতিক দলৰ নেতৃত্বৰে ভিডিঅ’ কনফাৰেন্সযোগে হোৱা এক আলোচনাৰ সিদ্ধান্তমৰ্মে বিৰোধী ঐক্য মঞ্চই ভাৰত জোড়ো ন্যায় যাত্ৰাত সহযোগিতা কৰাৰ ক্ষেত্ৰত ঐক্যমতত উপনীত হয়। অসম প্ৰদেশ কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চৰ সভাপতি ভূপেন কুমাৰ বৰাৰ পৰিচালনাত অনুষ্ঠিত এই সভাত হোৱা সিদ্ধান্তৰ কথা সদৰী কৰি বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে এক বিবৃতিত জনায় যে বিজেপি আৰু এআইইউডিএফক প্ৰতিহত কৰাৰ স্বাৰ্থত সকলো বিৰোধী একত্ৰিত হৈ ৰাহুল গান্ধীৰ “ভাৰত জোড়ো ন্যায় যাত্ৰা”ত অংশগ্ৰহণ কৰিব।

বিৰোধী দলসমূহৰ প্ৰতিনিধিয়ে ৰাহুল গান্ধীক সাক্ষাৎ কৰি এক বৈঠকতো মিলিত হ’ব। লুৰীণজ্যোতি গগৈয়ে লগতে জনায় যে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সমাৱেশসমূহতো বিৰোধী দলসমূহে অংশগ্ৰহণ কৰিব আৰু কোন কোন স্থানত কোন কোন দলে ৰাহুল গান্ধীৰ “ভাৰত জোড়ো ন্যায় যাত্ৰা”ত অংশগ্ৰহণ কৰিব সেইবিষয়ে সোনকালেই বিৰোধী ঐক্য মঞ্চৰ এক বৈঠকত আলোচনা কৰা হ’ব।

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, তৃণমূল কংগ্ৰেছৰ অসমৰ সভাপতি ৰিপুণ বৰা, আম আদমী পাৰ্টীৰ অসমৰ সমন্বয়ক ভৱেন চৌধুৰী, চিপিএম দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, চিপিআই দলৰ ৰাতুল বৰা, চিপিআইএমএলৰ বিবেক দাস, জেডিইউৰ অসম শাখাৰ সভাপতি পৰেশ নাথ, আৰজেডিৰ ৰাজ্যিক সভাপতি স্বৰ্ণ হাজৰিকা, এনচিপিৰ প্ৰতিনিধি জিতেন্দ্ৰ নাথ বৰা, শিৱসেনাৰ প্ৰতিনিধি ৰাম নাৰায়ণ সিং, ফৰৱাৰ্ড ব্লকৰ মিহিৰ নন্দি আৰু এপিএইছএলচিৰ সভাপতি জন ইংতি কাথাৰে বৈঠকত অংশগ্ৰহণ কৰে।