বাস্কা, ৪ জুনঃ ভাৰত ভূটান সীমান্তৰ খৈৰানীত বোৱতী জলসিঞ্চন প্ৰকল্পটো জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্তই মুকলি কৰে। এআইবিপি আঁচনিৰ অধীনত প্ৰায় ১৫ কোটি টকা ব্যয় সাপেক্ষে ভাৰত ভূটান সীমান্তৰ খৈৰানীত ২০১২ চনত এই বোৱতী জলসিঞ্চন প্ৰকল্পটোৰ নিৰ্মাণ কাম আৰম্ভ কৰা হৈছিল৷ মন্ত্ৰী ৰঞ্জিত দত্তই জলসিঞ্চন প্ৰকল্পটো মুকলি কৰি কয় যে, এই জলসিঞ্চন প্ৰকল্পটোৰ জৰিয়তে সীমান্তৰ প্ৰায় ১২ হেজাৰ লোক উপকৃত হোৱাৰ আশা কৰা হৈছে৷ এই জলসিঞ্চন প্ৰকল্পটোৰ জৰিয়তে চৰকাৰে অসমৰ খেতি পথাৰত পানী দিয়াৰ ব্যৱস্থা কৰিব৷ তেওঁ লগতে বিভাগটোৰ পূৰ্বৰ সকলো দূৰ্নীতি কৰ্মৰ জৰিয়তে নিৰ্মূল কৰাৰ কথাও ব্যক্ত কৰে৷