গুৱাহাটী, ৮ আগষ্টঃ অসম কবি সন্মিলনৰ শাখা জননীৰ উদ্যোগত কবিতা অনুস্থানৰ আয়োজন কৰা হয়৷ সভাখন সভাপতিত্ব কৰে বিশিষ্ট লেখিকা হিৰণ্যময়ী বৰুৱাই৷ মীৰা ৰাভাই বন্তি প্ৰজ্বলন কৰাৰ পিছতে বিশিষ্ট গল্পকাৰ ধনীৰাম তালুকদাৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। কবিতা পাঠ অনুষ্ঠানটোত মহানগৰীৰ ৩৫ গৰাকীতকৈও অধিক নবীন-প্ৰবীণ কবিয়ে কবিতা পাঠ কৰে৷ কবিতাসমূহৰ পৰ্যালোচনা আগবঢ়ায় ৰোমান শৰ্মাই৷ ৰীতা চৌধুৰী আৰু বিনীতা ডেকাই সভাত লোকগীত পৰিবেশন কৰে৷