সোণতলী, ২১ জুলাইঃ দক্ষিণ কামৰূপৰ সোণতলীত দুটাকৈ শিশু পানীত পৰি কৰুণ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যক সৃষ্টি কৰিছে৷ সোণতলীৰ উত্তৰ মাহতলীৰ ইছমাইল আলীৰ দুই বছৰীয়া পুত্ৰ ৰাব্বুল আলী পুৱা প্ৰায় ৬ বজাত ঘৰৰ ওচৰৰে খালত পৰি কৰুণ মৃত্যুক আকোঁৱালি লয়৷ পৰিয়ালৰ লোকে শিশুটো বহু সময় সন্ধানহীন হৈ থকাত বিচাৰ-খোচাৰ কৰি খালটোৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়৷ চিকিৎসকে শিশুটোৰ পৰীক্ষা কৰি মৃত বুলি জানিবলৈ দিয়ে৷ আনহাতে বেজৰসুঁতিৰ আকবৰ আলীৰ দুইবছৰীয়া পুত্ৰ হাফিজুৰ আলী নামৰ শিশুটো চোতাল খেলি থকা অৱস্থাত পৰিয়ালৰ অজ্ঞাতে ওচৰৰ পুখুৰীত পৰে৷ বহু সময় পৰিয়ালৰ লোকে শিশুটোক দেখা নাপাই বিচাৰ কৰি পুখুৰীৰ পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে৷ শিশুটোক ততাতৈয়াকৈ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে পৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে৷