কলগছিয়া, ৯ আগষ্টঃ বৰপেটাৰ কলগাছিয়া চাৰিআলি চকত নিখিল ভাৰত কৃষক সভাৰ কলগাছিয়া, তিতাপানী আৰু ৰূপসী আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত কেন্দ্ৰীয় বিজেপি চৰকাৰৰ কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদৰ অংশ স্বৰূপে প্ৰতিবাদী মানৱ শৃংখল পালন কৰে৷ প্ৰতিবাদকাৰী সকলে কৃষকৰ উৎপাদিত সামগ্ৰীৰ ৫০ শতাংশ লাভজনক দাম দিয়া আৰু মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগতকৰণৰ বিৰোধীতা কৰি পাঁচ হাজাৰ টকাকৈ দৰমহা আদায় দিয়া, ৬০ বছৰৰ উৰ্ধৰ কৃষকক মাহিলী পাঁচ হাজাৰ টকাকৈ পেঞ্চন দিয়া, অংগনৱাড়ী কৰ্মী-সহায়িকাক ৰাজ্য চৰকাৰে পাঁচ হাজাৰ টকাকৈ দৰমহা আদায় দিয়া আৰু গো-ব্যৱসায়ৰ নিষেধাজ্ঞা উঠাই লোৱাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। প্ৰতিবাদী কাৰ্যসূচীত  নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্যিক সমিতিৰ সদস্য চান মামুদ আহমেদে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অজিত কলিতাৰ হাতত এক পাঁচদফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে।