গুৱাহাটী, ২৮  নৱেম্বৰঃ আমচাং অভয়াৰণ্যত সোমবাৰৰ পৰা ৰাজ্য চৰকাৰে আৰম্ভ কৰা উচ্ছেদ অভিযান আৰু কৃষ মুক্তি সংগ্ৰাম সমিতিত নেতা ক্ৰমে বেদান্ত লস্কৰ, ধৈয্য কোঁৱৰক ষড়যন্ত্ৰৰে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কার্যসুচি গ্ৰহণ কৰে। শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যলায়ৰ সম্মুখত কৃষ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাসকলে আজি আমচাংত উচ্ছেদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাৰ গ্ৰেপ্তাৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। গোৱালপাৰা জিলাৰ যোগীঘোপাৰ চালান্তপাৰাত কৃষক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰে। বিশালীতো কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যৌথভাৱে প্ৰতিবাদ কৰি মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে।