গুৱাহাটী, সংবাদ ৩৬৫, ৫ জুন : দুগৰাকী অসমীয়া যুৱক-যুৱতীয়ে অসমৰ জৈৱিক কৃষিৰ ক্ষেত্ৰখনলৈ এক নতুনত্ব অনাৰ লক্ষ্যৰে আজি মুকলি কৰিলে এক নতুন ৱেবচাইট!আজি বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি দিছপুৰ প্ৰেছ ক্লাৱত আয়োজিত “পৰিবেশ সংৰক্ষণ আৰু জৈৱিক কৃষি” শীৰ্ষক এক আলোচনা চক্ৰৰ লগতে যুৱ প্ৰজন্মৰ দুগৰাকী প্ৰতিনিধি শিখা হাতীবৰুৱা আৰু নীহাৰেন্দ্ৰ শৰ্মাৰ আপ্ৰাণ চেষ্টাত আজি “কুসুম কুঞ্জ অৰ্গেনিকচ্” নামৰ প্ৰতিষ্ঠানটোৱে মুকলি কৰিলে এক নতুন ৱেবচাইত www.kusumkunjorganics.com !অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰাই উন্মোচন কৰে ৱেবচাইতটো।
বৰ্তমানৰ যান্ত্ৰিক যুগত কংক্ৰিটৰ মহানগৰীত গঢ়ি উঠা ফ্লেটৰ সংস্কৃতিৰ বাবে কমি যোৱা গছ-গছনিৰ অভাৱৰ প্ৰতি লক্ষ্য ৰখাৰ লগতে জৈৱিক কৃষিৰ তথা জৈৱিক সাৰ প্ৰস্তুতিৰ লগত জড়িত অসমৰ থলুৱা লোকসকলক প্ৰাপ্য অধিকাৰ প্ৰদানৰ বাবেই এই ৱেবচাইটোৰ নিৰ্মান কৰা হৈছে বুলি সাংবাদিকসকলক জানিব দিয়ে “কুসুম কুঞ্জ অৰ্গেনিকচ”ৰ প্ৰতিষ্ঠাতা শিখা হাতীবৰুৱাই।
মহানগৰীৰ মনে বিচৰা ফুল,পাচলিৰ লগতে গৃহসজ্জাৰ বাবে প্ৰয়োজনীয় বিভিন্ন গছৰ পুলিৰ লগতে নিজৰ বাগিচাত ব্যৱহৃত হ’বলগীয়া থলুৱা কৃষকৰ দ্বাৰা সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে নিৰ্মিত সাৰ কম মূল্যতেই ৰাইজলৈ আগবঢ়োৱা হ’ব বুলি কয় “কুসুম কুঞ্জ অৰ্গেনিকচ”ৰ আন এজন সদস্য নীহাৰেন্দ্ৰ শৰ্মাই। এনে এক ৱেবচাইটে অসমৰ কৃষকসকলৰ লগতে অসমৰ প্ৰাকৃতিক পৰিবেশৰ প্ৰতিও আশাৰ সঞ্চাৰ কৰিব বুলি প্ৰকাশ কৰে উন্মোচক “অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ”ৰ অধ্যক্ষ পালিত কুমাৰ বৰাই।
অধ্যক্ষগৰাকীৰ উপৰিও বাগিচা নিৰ্মানক ব্যৱসায়লৈ উন্নীত কৰাত কৰ্মৰত দীপজ্যোতি দত্ত,বিশিষ্টা সাংবাদিক ৰঞ্জিতা ৰাভা,অসম ৰাজ্যিক মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষা লাকী গগৈ আৰু বিশিষ্টা সমাজসেৱী জাহ্নৱী গোস্বামী উপস্থিত থকা অনুষ্ঠানটোত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক উপস্থিত থাকে
www.kusumkunjorganics.com ৱেবচাইটোক অসমৰ ৰাইজে আদৰি লব বুলি আশা প্ৰকাশ কৰে শিখা হাতীবৰুৱা আৰু নীহাৰেন্দ্ৰ শৰ্মাই!